প্ৰদীপ হালৈ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

0 112

ডিজিটেল ডেস্কঃ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ হালৈক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা ২০১১ চনৰ ৮ ফেব্ৰুৱাৰীলৈ হালৈয়ে গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিবাহ কৰিছিল। ১৯৯৯ চনৰ বেটছৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হালৈয়ে বৰ্তমানে আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাপে কৰ্মৰত হৈ আছে। আনহাতে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিবাহ কৰি থকা হীৰেন চন্দ্ৰ নাথক গৃহ বিভাগে একেটা নিৰ্দেশযোগে আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক পদলৈ বদলৈ কৰিছে। এই পদটো দীৰ্ঘদিন ধৰি খালী হৈ আছিল।

উল্লেখ্য যে হীৰেন চন্দ্ৰ নাথে ২০১৬ চনৰ ১৬ আগষ্টত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। তেওঁ গুৱাহাটীৰ তৃতীয়গৰাকী আৰক্ষী আয়ুক্ত।

Comments
Loading...