২৩ ছেপ্তেম্বৰত ডিব্ৰুগড়ত কাংকিন কেবাং

0 143

ডিজিটেল ৰিপৰ্টঃ টাকাম মিচিং পৰিণ কেবাঙৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত ২৩ ছেপ্তেম্বৰত আয়োজন কৰিছে কাংকিন কেবাং। ডিব্ৰুগড় মুৰং অকুম লত্তাত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণগতিত চলিছে।

সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰীয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকিব মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাঃ জৱাহৰজ্যোতি কুলি, চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সঞ্জীৱানন্দ বৰগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ডেভিদ কাৰ্দং, ড০ প্ৰাঞ্জল বুঢ়াগোহাই, এ এম চিৰ অধ্যাপক মিলন টায়ে, শিক্ষক পূন্যনাথ পাংগিং, কানৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নিৰ্মল পেগুৰ লগতে বক্তা হিচাবে উপস্থিত থাকিব টি এম পি কেৰ সভাপতি নৰেশ কুম্বাং, টি এম এম কেৰ বন্তি পেগু আৰু টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তিলক দলে।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৰাজু মেদক, প্ৰশান্ত কুমাৰ বড়ি, সুভাষ দত্ত, সিদ্ধেশ্বৰ বৰা, উদয়ন কুমাৰ গগৈ, নবীন আদি ব্যক্তিসকলে। ইপিনে অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম চিকিত্সা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ অজিত পেগু। আনহাতে অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শ কামনা কৰিছে টি এম পি কেৰ সভাপতি মহেশ্বৰ দলে আৰু সম্পাদক ৰিদীপ চুংক্ৰাঙে।  

Comments
Loading...