ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

0 34
ডিজিটেল ৰিপৰ্ট।chabualive.com। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বাৰা সংঘটিত ৰাফেল বিমান যুজাৰু ক্ৰয় কেলেংকাৰীৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ডিব্ৰুগড়তো আজি জিলা কংগ্ৰেছ কমিটিয়ে ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ নেতৃত্বত চহৰখনৰ ৰাজীৱ ভৱনৰ পৰা মানকটা পথেদি সমদল কৰি আহি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত অৱস্থাত কৰি ধৰ্না দিয়ে। আনহাতে এই প্ৰতিবাদীৰ জৰিয়তে জিলা ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
ইপিনে প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভানেত্ৰী প্ৰণতি ফুকন, সাধাৰণ সম্পাদক বিৰিঞ্চি নেওগ, ৰাফেল কুজুৰ, দিগন্ত হাজৰিকাকে ধৰি ভালেসংখ্যক কংগ্ৰেছী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Comments
Loading...