ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

সভাপতি পদত মৃদুল গগৈ আৰু সাধাৰণ সম্পাদক পদত ৰাহুল ছেত্ৰী নিৰ্বাচিত

0 134
ডিজিটেল ৰিপৰ্ট।chabualive.com। উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰানকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয়। প্ৰতিকুল বতৰকো নেউচি আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহন প্ৰক্ৰিয়াত  ছাত্ৰ ছাত্ৰী সকলে সভাপতি-সম্পাদক কে ধৰি মুঠ ১০ টা পদৰ বাবে ব্যাপক হাৰত ভোটদান সাব্যস্ত কৰে।
বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আন সাতটা পদৰ প্ৰাথী বিনাপ্ৰতিদন্দিতাৰে  ইতিমধ্যে জয়ী হৈছিল।
আজি ঘোষিত ফলাফল অনুসৰি সভাপতি পদত মৃদুল গগৈ, উপ সভাপতি পদত পল্লৱ জ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক পদত ৰাহুল ছেত্ৰী  ,আলোচনী সম্পাদক পদত প্ৰাঞ্জল বৰুৱা, সংগীত সম্পাদক পদত  অন্তৰা হাজৰিকা, সাংস্কৃতিক সম্পাদক পদত টাকাও আওমি, তৰ্ক সম্পাদক পদত চন্দ্ৰোপল শইকীয়া, ক্ৰিকেট সম্পাদক পদত অসীম বৰুৱা, ফুটবল সম্পাদক পদত ৰামা চাচা আৰু সমাজ সেৱা সম্পাদক পদত সৌমাৰ জ্যোতি গগৈয়ে জয়লাভ কৰে।
Comments
Loading...