পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পত্নীৰ দেহাৱসান

0 43

ডিজিটেল ৰিপৰ্ট। chabualive.com। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ পত্নী কুলচুম নৱাজ মঙ্গলবাৰে লণ্ডনত মৃত্যু হয়। দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ বৰ্তমান কাৰাবন্দী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী লণ্ডনত চিকিৎসাধীন হৈ আছিল। ‘মুচলিম লিগ নৱাজ’ৰ অধ্যক্ষ চাৰবাহ শ্বৰিফে কুলচুম নৱাজৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছে।

উল্লেখ্য যে কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা কুলচুম চৰীফে লণ্ডনৰ এখন চিকিৎসালয়ত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপেই নহয়,দেশখনৰ ৰাজনীতিৰ পথাৰতো এগৰাকী বিশিষ্ট ৰাজনীতিক হিচাপে প্ৰতিষ্ঠিত আছিল কুলচুম চৰীফ। ১৯৯৯-২০০২ চনৰ লৈকে তেও পি এম এল এন দলৰ অধ্যক্ষ হিচাপেও কাৰ্যনিবাহ কৰিছিল।

এইটোও পঢ়কঃ

ৰহিংগীয়া নৰসংহাৰ কাণ্ড পোহৰলৈ অনা দুই সাংবাদিকক ৭ বছৰৰ কাৰাদণ্ড

১৯৫০ চনত লাহোৰত জন্মগ্ৰহন আৰু ১৯৭১ চনত নৱাজ শ্বৰিফৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা কুলচুম মৃত্যুৰ সময়ত বয়স আছিল ৬৮ বছৰ। ইপিনে,বৰ্তমানেও কাৰাবন্দী নৱাজ শ্বৰিফক পত্নীৰ বিয়োগত সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেই বিষয়া ৰাজহুৱা কৰা নাই চৰকাৰে ।

Comments
Loading...