আজি অৰুণাচলত ৰাহুল

আজি অৰুণাচললৈ যাব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী। পুৱা ৯ বজাত দিল্লীৰ পৰা ৰাওনা হ’ব লখিমপুৰলৈ। লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব বিশেষ বিমান। লখিমপুৰৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হ’ব ইটানগৰলৈ। ইটানগৰত বিশাল জনসভা সম্বোধন কৰিব…

নাহৰকটীয়াত দুই ড্ৰাগ্ছ ব্যৱসায়ীক আটক

নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত চাৱাং লৱাং আৰু প্ৰাঞ্জল বুঢ়াগোহাঁই ওৰফে মুন্না। দুয়োজনৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰ, লগতে এখন বাইক। এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু আৰক্ষীৰ।

মিত্ৰতাঃ অগপ মহিলা পৰিষদৰ শীৰ্ষ নেতৃত্বৰ পদত্যাগ

মিত্ৰতাক লৈ অগপত আৰম্ভ অন্তৰ্কন্দল। অগপৰ পৰা পদত্যাগ দীপাঞ্জলি বৰাৰ। অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা বৰা। যোৰহাট জিলা মহিলা পৰিষদৰ সভানেত্রী আছিল বৰা। দলৰ শেহতীয়া কাম-কাজত অসন্তুষ্ট হৈ পদত্যাগ বৰাৰ। সোমবাৰে নেতৃত্বৰ হাতত…

অমিত শ্বাহক হাগ্ৰামাৰ স্মাৰক পত্ৰ

অমিত শ্বাহক স্মাৰক পত্ৰ হাগ্ৰামা মহিলাৰীৰ। বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে কেইবাটাও দাবী বিপিএফৰ। অনুসূচিত জনজাতি সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ দাবীৰ লগতে বিধেয়কত কাৰ্বি আৰু বড়োক অন্তৰ্ভুক্ত কৰাৰ দাবী। ২০০৩ চনত স্বাক্ষৰিত বড়ো…

মিত্ৰতাৰ বিৰুদ্ধে গৈ বহিস্কৃত অগপৰ দুই নেতাক

অগপৰ ২ সদস্যক এবছৰৰ বাবে অব্যাহতি। কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা নীৰেন শৰ্মা আৰু হৰেশ ভূঞাক অব্যাহতি অগপৰ। অগপ আৰু বিজেপিৰ মিত্ৰতাৰ বিৰোধিতা কৰিছিল। যোৰহাট অগপ কাৰ্যালয়ত দাহ কৰিছিল প্ৰতিকৃতি। অতুল বৰা, কেশৱ মহন্ত আৰু…

বিদায় পাৰিকৰ…

মনোহৰ পাৰিকৰৰ দেহাৱসান। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ পাৰিকৰৰ। অগ্নাশয়ৰ ৰোগত চিকিত্সাধীন হৈ আছিল পাৰিকৰ। গোৱাৰ দশম মুখ্যমন্ত্ৰী আছিল পাৰিকৰ। দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। ২০১৪ৰ পৰা ১৭লৈ প্ৰতিৰক্ষা মন্ত্ৰী আছিল পাৰিকৰ। উত্তৰ…

কৰিমগঞ্জত অব্যাহত চোৰাং গৰুৰ সৰবৰাহ

কৰিমগঞ্জত ৬ চোৰাং গৰু ব্যৱসায়ীক আটক। আৰক্ষীয়ে লোককেইজনৰ পৰা জব্দ কৰে দুটা গৰুৰ লগতে এখন টাটা ডি আই আৰু এখন এল্ট’ গাড়ী। ধৃত লোককেইজনৰ নাম আব্দুল হক, চিৰাজ উদ্দিন, আব্দুল ৰহমান, হাচিব উদ্দিন, চাহিমুল উদ্দিন আৰু জহিৰুল উদ্দিন।…

পেঙেৰীত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

পেঙেৰীত বহু পৰিমাণৰ গুলীসহ মেগজিন উদ্ধাৰ। ৫৬ জাই সজীৱ গুলীৰ সৈতে উদ্ধাৰ তিনিটা মেগজিন। সেনা–আৰক্ষীৰ অভিযানত পেঙেৰী থানাৰ অন্তৰ্গত নলনীৰ এখন পথাৰত উদ্ধাৰ হয় সমগ্ৰীখিনি। এই ঘটনাক লৈ আতংকিত অঞ্চলবাসী। গাঁওখনত সেনা–আৰক্ষীয়ে…

ৰাজ্যৰ তিনি ঠাইত ভয়ংকৰ অগ্নিকাণ্ড

ৰাজ্যৰ তিনি ঠাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। তেজপুৰ, হাইলাকান্দি আৰু ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড। তেজপুৰৰ তল-কলিবাৰীৰ পৰিত্যক্ত ভূমিত ভয়ংকৰ অগ্নিকাণ্ড৷ ডি আই জি বাংলোৰ সমীপত সূত্ৰপাত ঘটা জুই নিৰ্বাপিত কৰে স্থানীয় লোকে৷…

বিজেপিক সমৰ্থন কৰাৰ বাবেই বহিস্কাৰ কংগ্ৰেছৰ তিনি নেতাক

বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হ’ল নলবাৰী পৌৰ সভাৰ তিনি ৱাৰ্ড মেম্বাৰ। কংগ্ৰেছৰ পৰা ছয় বছৰলৈ বহিষ্কাৰ কৰা হ’ল পৱন হালৈ, মফাজুল আলী আৰু মীৰ মেহবুব আলীক। আজি কংগ্ৰেছৰ সমৰ্থনত পুনৰ সভানেত্ৰী হৈছিল বিজেপিৰ বিপাশা দাস।