অৱনমিত হৈছে মোদীৰ জনপ্ৰিয়তা

0 61

ডিজিটেল ডেস্ক, চাবুৱা লাইভঃ অভূতপূৰ্ব জনপ্ৰিয়তাৰে বিগত চাৰি বছৰ প্ৰধানমন্ত্ৰীৰ গাদী ধৰি ৰখা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শাসনকালত প্ৰথমবাৰলৈ জোকাৰণি খাইছে। যোৱা চাৰি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰধান মন্ত্ৰীৰ জনপ্ৰিয়তা ৫০ শতাংশলৈ নামিছে। তাকো বিগত চাৰি মাহত দ্ৰুতগতিত অৱনমিত হৈছে মোদীৰ জনপ্ৰিয়তা। কিয়নো এই চাৰিমাহত হ্ৰাস পাইছে তেওঁৰ চাৰি শতাংশ জনপ্ৰিয়তা। ইণ্ডিয়া টুডে’-কাৰ্ভিয়ে প্ৰকাশ কৰা ‘মুড অৱ দ্যা নেশ্বন’ শীৰ্ষক এই ষান্মাসিক সমীক্ষাৰ গতি দেখি অতিশয় উদ্বিগ্ন বিজেপিৰ শিৱিৰ। সাধাৰণ নিৰ্বাচনলৈ সাত মাহমান বাকী থকা অৱস্থাত গেৰুৱা শিৱিৰৰ বাবে এইয়া মুঠেই ভাল লক্ষণ নহয় বুলি গণ্য কৰা হৈছে।

এক সমীক্ষাৰ আধাৰত বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পাব বুলি কংগ্ৰেছ শিৱিৰ উজ্জীৱিত হৈ পৰাৰ বিপৰীতে প্ৰধান মন্ত্ৰী মোদীৰ ক্ষেত্ৰতো নেতিবাচক সমীক্ষা প্ৰকাশ পোৱাত বিজেপি শিৱিৰ চিন্তিত হৈ পৰিছে।

‘মুড অৱ দ্যা নেশ্বন’ শীৰ্ষক সমীক্ষা অনুসৰি বিগত জুলাইত প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা ৪৯ শতাংশলৈ হ্ৰাস পাইছে। বিগত জানুৱাৰীত তেওঁৰ জনপ্ৰিয়তা আছিল ৫৩ শতাংশ। বিগত চাৰি মাহত তেওঁৰ জনপ্ৰিয়তা হঠাতে চাৰি হতাংশ হ্ৰাস পোৱা বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে। জনপ্ৰিয়তা হ্ৰাসৰ অন্যতম কাৰণ হিচাবে বিমুদ্ৰাকৰণৰ পিছৰ পৰিস্থিতি বুলি বিশ্লেষণ কৰা হৈছে। ২০১৬ চনৰ ৮ নৱেম্বৰত আচম্বিতে নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈ দেশৰ অৰ্থনৈতিক নীতিত প্ৰৱল জোঁকাৰণি তুলিছিল।

১৯৬০ৰ দশকত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ বেংকসমূহ ৰাষ্ট্ৰীয়কৃত কৰাৰ বাবে লোৱা যুগান্তকাৰী পদেক্ষপৰ পিছত মোদীৰ এই সিদ্ধান্ত আছিল দেশৰ অৰ্থনীতিত বৃহত্তম পদক্ষেপ। এই পদক্ষেপৰ পিছত মোদী চৰকাৰে কোৱাৰ দৰে দেশৰ অৰ্থনীতি সুষম আৰু উৰ্ধমুখী হোৱা নাই। সেই ঘোষণা কৰা সময়ত মোদীৰ জনপ্ৰিয়তা আছিল একেই।

সংগঠনৰ সমীক্ষা অনুসৰি ৬৫ শতাংশ, দেশৰ যিকোনো সময়ৰ প্ৰধান মন্ত্ৰীতকৈ আৰু দেশৰ ইতিহাসত সৰ্বাধিক। তাতপৰ্যপূৰ্ণভাৱে দুৰ্বল পৰিকল্পনা, দুৰ্বল ভিত্তি আৰু অলেখ বেমেজালিৰ বাবে মোদীৰ পদক্ষেপে কাংক্ষিত ফলাফল লাভ লাভ নকৰিলে। এনে বিভিন্ন কাৰণত প্ৰধান মন্ত্ৰী মোদীয়ে সম্প্ৰতি দ্ৰুতহাৰত জনপ্ৰিয়তা হেৰুৱাবলৈ লৈছে আৰু ই বিজেপিক উদ্বিগ্ন কৰি তুলিছে।

Comments
Loading...