মই দধীয়াৰ পৰা কৈছো…

জ্যোতিষ কুমাৰ পাতিৰ

0 111
এই মুহূৰ্তত মই দধীয়াত আছো। এই লেখা লিখি আছো দধীয়াৰ পৰাই। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নৈৰ মাজত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ জন এলেকা দধীয়া। ই ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত। ১৯৫৭ চনতে চৰকাৰে সংস্থাপিত কৰা হৈছিল এইসকল বাসিন্দাক। দধীয়াত আছে চাৰিখন বনগাঁও। ক্ৰমেঃ কুলিগাঁও, মহমৰা, চাৰিসুতি আৰু টেঙাবাৰী। ইয়াত শিক্ষা, স্বাস্থ্য, যাতায়ত আদি বুলিবলৈ একোৱেই সুবিধা নাই। চৰম যন্ত্ৰনাৰ মাজেদি পাৰ কৰিছে জীৱন। জীৱিকা বুলিবলৈ খেতি আৰু মাছ। প্ৰতি বছৰে অহা বানপানীয়ে বিধ্বস্ত কৰি থৈ যায় তেওঁলোকক।
এতিয়া আহো মূল কথালৈ। মোৰ জন্ম এইখন সমস্যা জৰ্জৰিত অঞ্চলত। বৰ্তমানৰ বয়সৰ লেখেৰে আধা বয়স এই বনগাঁৱতে কটালো। বৰ্তমান কৰ্মসূত্ৰে ডিব্ৰুগড়তে থাকো। বহু দুখ-যন্ত্ৰনাৰ মাজেৰে আমি পাৰ কৰিছিলো শৈশৱৰ অতীত কাল।
 
এই মুহুৰ্তত মই ডিব্ৰু নৈৰ কাষত বহি লিখি আছো এই লেখা। ডিব্ৰু নৈত শিহুৰ জলকেলি কৰি থকাৰ দৃশ্যও মাজে সময়ে দেখিছো। লগতে ফিৰফিৰীয়া বতাহজাকে কোবাই গৈছে মোৰ দেহ মন। যেন মোৰ হাতৰ কলমৰ পৰা কবিতাহে ওলাই আহিব।
 
বৃহস্পতিবাৰে ঘৰলৈ আহিছো। অহাত কিছু পলম হল। গৰ্ভৱতী মহিলাক খাজিখোৱা চিকিৎসালয়ত থবলৈ অহা ভূটভূটী নাওখনতে আহিলো ঘৰলৈ। সন্ধিয়া প্ৰায় ১২ বজাত ঘৰ আহিঢ়পালো। ঘৰ পাও মানে নিশাৰ আহাৰ খাবৰে হল। বালিজান ঘাটৰ পৰা দধীয়ালৈ প্ৰায় ১.৩০ ঘন্টা সময়ৰ প্ৰয়োজন হৈছিল। 
ফেচবুকত এটা পোষ্ট দিছিলো, ভূটভূটী নাওত উঠি ঘৰলৈ অহাৰ কথা। লগে লগে বহু শুভাকাংক্ষীৰ পৰা আহিছিল ফোন। মন পেলাই দিছিল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত অভিশপ্ত ভূটভূটী নাঁও দূৰ্ঘটনাৰ কথা। সুধিছিল লাইফ জেকেটৰ কথা।
 
এটা কথা ঠিক যে সাৱধানতাই বিপদৰ ৰক্ষা পোৱাৰ আন এক উপায়। আমি যিখন নাওঁত আহিছিলোঁ সেই নাঁওখন এজন ১৭ বছৰীয়া লৰা আছিল চালক। কোনো ধৰণৰ ভয়-শংকা নোহোৱাকৈ চালকজনে চলাই গৈছিল ভূটভূটী নাঁওখন। সৰুৰে পৰাই পানীৰ লগত খেলি ডাঙৰ-দীঘল হৈছে তেওঁলোক। আন্ধাৰৰ মাজতো উমান পাইছিল বাম আৰু দ’। তেওঁলোকৰ পৰিচয় আছে নদীখনৰ সৈতে। আমি যিমান ভাবো তেওঁলোকে দহ গুণ আগতেই ভাবে। 
মই এই লেখা এই কাৰনেই লিখিছো যে শ এই মানুহখিনিৰ জীৱন ধাৰনৰ পদ্ধতি সম্পৰ্কত  আপোনালোকক আমোদ দিয়াৰ চেষ্টা কৰিছো। মই আকৌ কৈছো এই মুহূৰ্তত ডিব্ৰু নৈৰ কাষত বহি এই লিখা লিখি আছো। কাৰণ মোৰ ঘৰত কোনো ইন্টাৰনেটৰ নেটৱৰ্ক উপলব্ধ নহয়। লেখাটো যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 
Comments
Loading...