জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

সমুজ্জ্বল দত্ত

0 98

কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম, জানিয়া সবাৰো পৰি কৰিবা প্ৰণাম বুলি কৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া সমাজ সংগঠিত কৰিছিল। সেইগৰাকী মহান পুৰুষ, অসমীয়াৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭০ তম জন্ম জয়ন্তী। পবিত্ৰ জন্ম জয়ন্তীত গুৰু বন্দনাৰে মুখৰিত ৰাজ্য। গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণ ভক্তিৰসত বিলীন হৈ পৰিছে।

একশৰণ হৰিণাম ধৰ্মৰ জৰিয়তে উচ্চ-নীচ ভেদাভেদ আঁতৰ কৰি সমাজৰ সকলোকে একতাৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জন জীৱনলৈ আগবঢ়োৱা অৱদান অসমৰ জাতীয় জীৱনৰ বাবে এক চিৰস্মৰণীয় অধ্যায়। ৫৫০ বছৰৰ পূৰ্বে নাট্যভিনয়ৰ জৰিয়তে আৱাল বৃদ্ধ বনিতাক আধ্যাত্মিকতাৰ শিক্ষা প্ৰদান কৰিছে। ধৰ্মীয় বিষয়বস্তুক নাটকলৈ ৰূপান্তৰ কৰি জনগণৰ মন মোহিবলৈ সক্ষম হৈছে।

  • হৰিনাম ৰসে বৈকুন্ঠ প্ৰকাশে
  • প্ৰেম অমৃতৰ নদী
  • শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে
  • বঢ়ে ব্ৰহ্মাণ্ডক ভেদি

ভক্তি ৰসৰ অমীয়া বাণীৰে মহাপুৰুষ জনাই সমগ্ৰ জগতক উদ্ধুদ্ধ কৰিছিল। একশৰণ নাম ধৰ্মৰ দ্বাৰা আধ্যাত্মিকতাৰ জৰিয়তে কোনো ব্যক্তিয়ে ক্ৰোধ, হিংসা নাইকীয়া কৰিব পাৰে। সাধ্য বস্তু বা অভিষ্ঠ সিদ্ধিৰ কাৰণে যি উপায় অৱলম্বন কৰা হয় তাক কোৱা হয় সাধনা। যিসকল লোক মোক্ষভিলাসী তেওঁৰ বাবে সাধনা অপৰিহাৰ্য। ভক্তৰ সাধনা অৱলম্বন হৈছে ভগৱান। সাধনাত সিদ্ধি লাভ কৰাৰ আগলৈকে জীৱ মায়াত জীৱ মায়াত আৱদ্ধ থাকে। পৰম ব্ৰহ্ম ভগৱানৰ প্ৰাপ্তিয়েই হল মোক্ষ। একমাত্ৰ ভগৱানৰ শৰণেই কাম্য বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰৱণ কীৰ্তন আদিৰ জৰিয়তে উপদেশ দিছে।

অসমীয়া সমাজ আৰু সাংস্কৃতিক মহাপুৰুষ জনাৰ সৃষ্টি ৰাজিয়ে সম্পদশালী কৰিছে। কীৰ্তন, ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম (আদি), একাদশ আৰু দ্বাদশ স্কন্ধৰ অনুবাদ গুণমালা, হৰিশচন্দ্ৰ উপাখ্যান, ৰুক্মীনিহৰণ কাব্য, অজামিল উপাক্যা, ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ আদি গ্ৰন্থৰ জৰিয়তে অসমৰ সাহিত্যক তুলি ধৰিছিল বিশ্ব দৰবাৰৰ আগত।

বৰ্তমান সমাজ ব্যৱস্থাত শংকৰদেৱৰ চৰ্চা লাহে লাহে কমি আহিছে যদিও একাংশ যুৱ প্ৰজন্মই আঁকোৱালি লৈছে মহাপুৰুষজনাৰ ৰীতি-নীতি। মহাপুৰুষজনাই গঢ়ি যোৱা সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিক ধৰি ৰাখিলেহে সুস্থিৰ হৈ থাকিব বৰ্তমানৰ অস্থিৰ সমাজ।

Comments
Loading...