অভিশপ্ত দিখৌমুখঃ কি হ’ব হৰেণ বৰাৰ পৰিয়ালৰ?

জ্যোতিষ কুমাৰ পাতিৰ

0 130

এক শিহৰণকাৰী ঘটনা। গাঁৰ নোম শিয়ৰি উঠা এক শিহৰণকাৰী ঘটনাই জোঁকাৰি গৈছে ৰাজ্যক। শিৱসাগৰৰ আত্মীয়ৰ ঘৰৰ পৰা গুৱাহাটীৰ বাসগৃহলৈ বুলি উভটি যোৱাৰ পথতে দিখৌমুখত সংঘটিত হৈছিল সেই শিহৰণকাৰী ঘটনাটো। ৫ জনীয়া এটা পৰিয়াল নিমিষতে নোহোৱা হৈ পৰিছিল দিখৌৰ বুকুত। শনিবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল সেই অভিশপ্ত ঘটনাটো।

গুৱাহাটীৰ হৰেন বৰাৰ পৰিয়ালটোৰ সেই কৰুণ ঘটনাৰ কাহিনী আজি কোনেও পাহৰিব পৰা নাই। পাহৰিব পৰা নাই পৰিয়ালটোৱে সহায় বিচাৰি চিঞৰা সেই শব্দকেইটা। কিন্তু চকুৰে মনিব নোৱাৰা এন্ধাৰত অসহায়বোধ হৈ পৰিছিল ইয়াৰ স্থানীয় লোকে। ক্ষণিকতে হেৰাই গৈছিল তেওঁলোক দিখৌৰ বুকুত। তেওঁলোকৰ বাবেই যেন ৰৈ আছিল দিখৌৱে।

বৰ্তমানেও পৰিয়ালটোৰ কোনো সন্ধান নাই। দেওবাৰৰ পুৱাৰে পৰা চলিছে উদ্ধাৰ অভিযান। সোমবাৰে ১৩০ জনীয়া এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ এটা ডুবাৰুৰ দলে চলোৱা উদ্ধাৰ অভিযানৰ পিছতো লাভ কৰিব নোৱাৰিলে পৰিয়ালটোৰ সন্ধান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত বিশাখাপট্ৰনমৰ পৰা মঙ্গলবাৰে আহিছে ভাৰতীয় নৌ বাহিনীৰ এটা দল। দলটোৱে মেপিং আৰু ছ’নাৰ প্ৰযুক্তিৰ জৰিয়তে অভিশপ্ত বাহনখনৰ উদ্ধাৰ অভিযানত ব্যস্ত হৈ পৰিছে। মঙ্গলবাৰে পুৱাৰে পৰা চলিছে নৌ বাহিনীৰ উদ্ধাৰ অভিযান।

ইপিনে স্থানীয় লোকৰ উত্কন্ঠা। সকলোৰে চকু অভিশপ্ত নদীখনলৈ। কেতিয়া আহিব ভাল খবৰ। সেই আশাৰে এতিয়া স্থানীয় লোকসকলে দিনে-ৰাতিয়ে কৰিছে পূজা-অৰ্চনা। ভাৰতীয় নৌ বাহিনীয়ে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সৰ্বস্ব শক্তি প্ৰয়োগ কৰিও বিফল হৈছে। যাক লৈ দিখৌপৰীয়া ৰাইজৰ মাজত উদ্বিগ্নতাই দেখা দিছে।

কোন মুহুৰ্তত আহিব ভাল খবৰ? উদ্ধাৰ কৰিব পাৰিবনে হৰেন বৰাৰ পৰিয়ালটোক? এই লৈ এতিয়া সকলোৰে মনত নানান প্ৰশ্নই উদয় হৈছে।      

Comments
Loading...