বিচিপিএলৰ সৌজন্যত ডিব্ৰুগড়ত মিনি মাৰাথান দৌৰ

0 30

ডিজিটেল ৰিপৰ্টঃ স্বচ্ছতাৰ সজাগতাৰ উদ্দেশ্যে আজি পুৱা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত তথা এন ই হপছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত মিনি মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। পুৱা চৌকিডিঙ্গি খেলপথাৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা মানকটা পথেৰে এই দৌৰ উলিওৱা হয়।

স্বচ্ছতাই সেৱা বাণীৰে চাৰিটা শাখাত অনুষ্ঠিত কৰা হয় এই মাৰাথন দৌৰ। ১২ বছৰ বয়সলৈকে এটা শাখাত শিশু তথা কিশোৰ-কিশোৰীসকলক অন্তৰ্ভূক্ত কৰা হয়। সেইদৰে ১২ বছৰৰ পৰা ৪০ বছৰলৈকে বয়সৰ উৰ্ধৰ তথা প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এটা শাখাত এই অনুষ্ঠিত কৰে মাৰাথান দৌৰ প্ৰতিযোগিতা।

প্ৰতিটো শাখাতে প্ৰথম স্থান দখল কৰা প্ৰতিযোগীক মানপত্ৰসহ ৫ হাজাৰ টকা, দ্বিতীয় স্থান দখল কৰা প্ৰতিযোগীক মানপত্ৰসহ ৩ হাজাৰ টকা, তৃতীয় স্থান অধিকাৰ কৰাসকলক মানপত্ৰসহ ২ হাজাৰ টকা, নিৰ্ধাৰিত দূৰত্ব সম্পূৰ্ণ কৰা প্ৰথম ২০ গৰাকীক মানপত্ৰৰ লগতে উদগনিমূলক বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে, নিৰ্ধাৰিত দূৰত্ব সম্পূৰ্ণ কৰা সকলো প্ৰতিযোগীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাৰ অন্তত এন ই হপছৰ সভাপতি সুনীল ৰাজকোৱৰে স্বচ্ছতাৰ ক্ষেত্ৰত সম্প্ৰতি ৰাইজ ক্ৰমান্বয়ে সজাগ হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত যাতে অধিক সচেতন হয় তাৰ বাবে এনেবিলাক কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি মন্তব্য কৰে।

তদুপৰি আজিৰ প্ৰতিযোগিতাখনত কেইবা শতাধিক প্ৰতিযোগীয়ে শৃংখলাবদ্ধভাৱে অংশ গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে।

Comments
Loading...