জকাই উদ্ভিদ উদ্যানত সমূহীয়া চাফাই অভিযান

0 29

ডিজিটেল ৰিপৰ্টঃ ‘স্বচ্ছতাই সেৱা’ অধীনত আজি ডিব্ৰুগড় নগৰৰ সমীপৱৰ্ত্তী জকাই উদ্ভিদ উদ্যানত ডিব্ৰুগড় জিলা প্ৰশাসন, বন বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ জোৱান, স্বেচ্ছাসেৱী সংগঠন ‘চিকুণ’ৰ সদস্যসকল আৰু স্হানীয় ৰাইজৰ সহযোগত এক সমূহীয়া চাফাই কাৰ্যসূচী ৰূপায়ন কৰা হয়।

জিলা উপায়ুক্ত লয়া মাদ্দুৰিয়ে  এই চাফাই অভিযান কাৰ্যসূচীত উপস্হিত থাকি কয় যে  ২০০২ চনতে স্হাপিত এই উদ্যানখনৰ ভিতৰত অলপতে  সংযোগী পথ, ওৱাচ ৰূম,পাব্লিক টয়লেট আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্হা কৰা হৈছে । ভৱিষ্যতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ ফুড হাট, হাতী চাফাৰী ইত্যাদি কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুস্বৰূপ উদ্ভিদ উদ্যানখনক পৰিস্কাৰ পৰিচ্ছন্নৰূপে ৰখাতো আমাৰ সকলোৰে দায়িত্ব বুলি ভাষণ প্ৰসঙ্গত কয়। তেখেতে  আজিৰ এই চাফাই অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোলৈ ধন্যবাদ জনায় আৰু ভৱিষ্যতেও এনেধৰণৰ কামত ব্ৰতী হবলৈ অাহ্বান জনায়।  

আজিৰ এই চাফাই অভিযানত অতিৰিক্ত উপায়ুক্ত সঞ্জয় দত্ত, জকাই সংৰক্ষিত বনাঞ্চলৰ  খণ্ড বন বিষয়া দ্বিজেন নেওঁগ, ‘চিকুণ’ স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি পূৰ্ণানন্দ ভড়ালীকে প্ৰমুখ্য কৰি যথেষ্ঠসংখ্যক স্হানীয় লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে দেশজুৰি আৰম্ভ হৈ থকা স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অধীনত স্বচ্ছতা সভা, শ্ৰমদান কাৰ্যসূচী, গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। 

আনহাতে কালি ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ সমীপতো স্বচ্ছ ভাৰত মিশ্বনৰ উত্তৰ পূব ৰাজ্যসমূহৰ এম্বেচেদৰ চোটাই ক্ৰীৰ উপস্হিতিত ডিব্ৰুগড় জিলা প্ৰশাসন, পৌৰসভা আৰু চিকুণ স্বেচ্ছাসেৱী সংগঠনে এক চাফাই কাৰ্যসূচী ৰূপায়ন কৰে।

 

Comments
Loading...