অসমীয়া জাতি যুঁজি যুঁজি জীয়াই থকা এটি পৰাক্ৰমী জাতি

অখিল গগৈ

0 197

অসমীয়া জাতি যুঁজি যুঁজি জীয়াই থকা এটি পৰাক্ৰমী জাতি। যেতিয়াই সংকট আহিছে, তেতিয়াই এই জাতিয়ে গঢ়ি তুলিছে অনৱদ্য প্ৰতিৰোধ। সেয়ে অসমীয়াৰ প্ৰেৰণাৰ উৎস হৈ আহিছে শৰাইঘাটৰ মহাৰণ-য’ত জাতি-ধৰ্মৰ বিভেদ পাহৰি সকলো অসমীয়া একত্ৰিত হৈছিল।  

একেবাৰে সাধাৰণ সৈনিকৰ পৰা সেনাপতি-ৰজালৈ সেয়া আছিল জীৱন-মৰণৰ যুদ্ধ। যোৱা ৭ মে’ত খানাপাৰাত যুটীয়া সংসদীয় কমিটিৰ ওচৰত সাক্ষ্য দিবলৈও ৰাইজ একেদৰে হিলদ’ল ভাঙি ওলাই আহিছিল। অসমৰ শিল্পী, বুদ্ধিজীৱী, লেখক, গৃহিণী, ধৰ্মসভা, নাগৰিক সমাজ আদি সকলোৱে সেই দিনা নিজৰ বক্তব্য দাঙি ধৰিছিল, দাবী সাব্যস্ত কৰিছিল। বিপদ আঁতৰি যোৱা নাই।

আমাৰ দায়িত্ব-কৰ্তব্য শেষ হোৱা নাই। আমি কাইলৈ এটা সুযোগ পাইছোঁ, যুটীয়া সংসদীয় কমিটিৰ প্ৰতিবেদন দাখিলৰ আগ মুহূৰ্তত আকৌ এবাৰ আমাৰ শক্তি-একতা-প্ৰতিৰোধ দেখুৱাই দিয়াৰ বাবে। আশা ৰাখিছোঁ, কাইলৈৰ অসম বন্ধ সফল কৰিবলৈও সকলো ৰাইজ আকৌ এবাৰ ওলাই আহিব। ওলাই আহিব নিজে নিজে শিল্পী, লেখক, ছাত্ৰ, মহিলা, বৃদ্ধ সকল। এই বন্ধ কেৱল বন্ধৰ বাবে দিয়া বন্ধ নহয়।

এয়া অসমীয়াৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে আমাৰ সকলোৰে মহাসংগ্ৰামৰ আন এক দিন। আহক বন্ধ সফল কৰোঁ! ভাৰতৰ চৰকাৰক দেখুৱাই দিওঁ আমাৰ পৰাক্ৰম। জনাই দিওঁ, আমাক আৰু বিদেশী নালাগে। যুক্তি দিয়া হৈ গ’ল। এতিয়া আমাৰ শেষ অস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদ।  সমস্বৰে আকৌ এবাৰ মূৰ তুলি কওঁ আহকচোন-জয় আই অসম! 

Comments
Loading...