ৰাজস্থান কঁপাবলৈ সাজু ৰে’লৱে কৰ্মচাৰীসকল

0 41

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ক’টা চহৰত অনুষ্ঠিতব্য অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ ৯৪ তম বাৰ্ষিক অধিবেশনত যোগদান কৰিবলৈ এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰায় ১২ শ প্ৰতিনিধিয়ে শনিবাৰে নিশা তিনিচুকীয়াৰ পৰা এখন বিশেষ ৰে’ল যোগে ৰাওনা হৈছে। ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগা এই অধিবেশনলৈ এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ, কাটিহাৰ মণ্ডলকে ধৰি বঙাইগাওঁ আৰু ডিব্ৰুগড় ৱৰ্কশ্বপৰ প্ৰতিনিধি সকলে অংশ ল’ব।

প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতি সমূহকে ধৰি ভাৰতীয় ৰে’লক ব্যক্তিগতকৰণ কৰিবলৈ চলাই থকা নীতি আৰু নতুন পেঞ্চন নীতি বাতিলকে ধৰি বহু দাবীৰ বিৰুদ্ধে আলোচনা কৰাৰ লগতে ৰণ কৌশল ৰচনা কৰিব। উল্লেখযোগ্য যে দেশৰ একমাত্র শক্তিশালী ৰে’ল শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ এই অধিবেশনে আগন্তক লোকসভা নিৰ্বাচনত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত। 

Comments
Loading...