ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

0 81

ডিজিটেল সংবাদ ,লাহোৱালঃ ডিব্ৰুগড় জিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতাখনি অহা ১০ আৰু ১১ নৱেম্বৰত চাবুৱা চেতিয়াগাওঁ খেল পথাৰত আয়োজন কৰিছে ৷ উক্ত প্ৰতিযোগিতাৰ পৰাই শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতালৈ প্ৰতিযোগী নিৰ্বাচন কৰা হ’ব ৷ 

৩৫ বছৰৰ ওপৰৰ সকলো পুৰুষ-মহিলাই এই প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব৷ ইচ্ছুক প্ৰতিযোগীক ৮৪৭৪৮৬১০১৮, ৯৪৩৫০৩১৭৮০, ৯৯৫৪৫৭৫৪০৯ আৰু ৯৬৭৮৮০৬০১০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷

Comments
Loading...