মৃত্যুৰ সন্মুখত এজন সাংবাদিকঃ ‘মা মই যদি জীয়াই থাকো, দেৱালীত আহিম।’

0 83

ডিজিটেল ডেস্কঃ মৃত্যুৰ সন্মুখত এজন দুৰন্ত সাহসী সাংবাদিক। নিৰ্বাচনৰ বাতৰি সংগ্ৰহ কৰিবলৈ বিপদত পৰিছে সাংবাদিকজন। ছত্তিশগড়ৰ দান্তেৱাড়াত দূৰ্গম পথেৰে গৈ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰা সময়তে মাওবাদীৰে মুখামুখি সংৰ্ঘষ হয়। সাংবাদিকজনৰ লগত আছিল ৬-৭ জনীয়া এটা চি আৰ পি এফ দল।

মাওবাদীৰ গুলীত আহত ফটো সাংবাদিকজন মৃত্যুক কাষত পাই নিজৰ মোবাইলৰ কেমেৰাৰে বন্দি কৰি গৈছিল চাঞ্চল্যকৰ খবৰটো। ইয়াৰ পিছতে মাতৃক সেই খবৰটো দিয়াৰ উদ্দেশ্য চছিয়েল মিডিয়াত ভাইৰেল কৰি দিয়া হৈছিল সেই ভিডিঅ’। ভিডিঅ’টোত সাংবাদিকজনে কোৱা কথাবিলাক আমি হুবহু তুলি ধৰিলো।

‘সন্ত্ৰাসবাদী আক্ৰমণ হৈছে। নিৰ্বাচনৰ বাতৰি সম্প্ৰচাৰৰ বাবে আমি দান্তেৱাৰালৈ আহিছিলো। এটা পথেৰে গৈ আছিলো। আমাৰ লগত আছিল চি আৰ পি এফ জোৱান। হঠাত্ আমাৰ মাওবাদীয়ে ঘেৰি ধৰে। মা মই যদি জীয়াই থাকো, দেৱালীত আহিম। মা মই তোমাক বহুত ভাল পাও। হ’ব পাৰে, মই আৰু বাচি নাথাকিবও পাৰো। পৰিস্থিতি অধিক জটিল। নাজানো কিয় মৃত্যুক সন্মুখত দেখিও ভয় লগা নাই। ইয়াৰ পৰা জীৱন্তে ঘূৰি যোৱা অসম্ভৱ। লগত ৬-৭ জন জোৱান আছে। চাৰিওফালৰ পৰা ঘেৰি লৈছে। তথাপি মই এয়াই কম।’

Comments
Loading...