ডিব্ৰুগড়ত প্ৰথমবাৰলৈ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভ

0 52

ডিজিটেল ডেস্কঃ আজিৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা। প্ৰথমবাৰৰ ৰাজ্যৰ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা ৬৪ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিলে শক্তিমন্ত্ৰী তপন গগৈয়ে। গুৱাহাটী ক্ৰীড়া সন্থাৰ তত্বাৱধনাত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰি মন্ত্ৰী তপন গগৈয়ে ডিব্ৰুগড় তথা ইয়াৰ চুবুৰীয়া ৰাইজে বৰদলৈ ট্ৰফী ফুটবল খেলচোৱাৰ সপোন বাস্তৱায়িত হোৱা বুলি উল্লেখ কৰে।

ৰাজ্য চৰকাৰে নতুন প্ৰজন্মক ফুটবলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে নতুন ক্ৰীড়া নীতিৰ জৰিয়তে গ্ৰাম্যঞ্চলত লুকাই থকা খেলুৱৈৰ প্ৰতিভা উলিয়াই অনাৰ আনুসংগিক পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গগৈয়ে সদৰি কৰে।

ডিব্ৰুগড় জিলা নৱনিযুক্ত ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিত দত্তৰ আঁদৰণি ভাষণেৰে অনুষ্ঠিত হোৱা বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ লক্ষ্য কোঁৱৰ, বিধায়ক ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী, আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ফুটবল থেলুৱৈ স্বাধীন ডেকাকে ধৰি ভালেসংখ্যক বিশিষ্ট খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়াই। ইপিনে আজি অনুষ্ঠিত হোৱা প্ৰথমখন খেলত দুলিয়াজান অইল ইণ্ডিয়া এফ চি আৰু বি এছ এফ জলন্ধৰ দলৰ মাজত অনুষ্ঠিত হয়।  

Comments
Loading...