বিপদৰ আগজাননীঃ ব্ৰহ্মপুত্ৰত পৰিছে ভেটা

0 204

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ চীনত হোৱা ভুমিস্খলনৰ ফলত ভেটা পৰিছে ব্ৰহ্মপুত্ৰ নদীত। ব্ৰহ্মপুত্ৰৰ গতি ৰুদ্ধ হৈ পৰাৰ ফলত আতংকৰ সৃষ্টি হৈছে অসম তথা অৰুণাচলবাসী। ইপিনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি তিব্বতত চলিছে উদ্ধাৰ অভিযান। একেদৰে সষ্টম হৈছে অৰুণাচল প্ৰদেশ চৰকাৰো।

উল্লেখযোগ্য যে, যোৱা ১৭ অক্টোবৰৰ পুৱতি নিশা ব্ৰক্ষ্মপুত্ৰ তথা চীনৰ য়াৰলোং চাংপো নদীত ব্যাপক ভূমিস্খলন হয়। চীনৰ সংবাদ প্ৰতিষ্ঠান চিচিটিভিত প্ৰকাশিত বাতৰি অনুসৰি তিব্বতৰ মিলিন প্ৰদেশৰ পাই টাউনৰ সমীপৱৰ্তী জিয়ালা গাঁৱৰ পৰা ৫ কিলোমিটাৰ নিলগত এই বৃহৎ ভূমিস্খলন হৈছে।যাৰ ফলত ৪০ মিটাৰ ওখ আৰু ১৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে। ইফালে অলপ পানী বাগৰি আহিলেও ব্ৰহ্মপুত্ৰৰ পানীৰ পৰিমাণ প্ৰতি চেকেণ্ডত ৩,৪৩০ ঘন মিটাৰৰ পৰা ১,৫৮০ ঘন মিটাৰলৈ হ্ৰাস পাইছে। এই স্থান ব্ৰহ্মপুত্ৰৰ ওপৰত থকা চীনৰ দুই বৃহৎ নদীবান্ধ ক্ৰমেঃ নুক্জিয়া জলবিদ্যুত প্ৰকল্প আৰু ডেক্জিং জলবিদ্যুত প্ৰকল্পৰ পৰা ক্ৰমেঃ ৮০ আৰু ১৭৫ কিলোমিটাৰ নিলগৰ। বিপদৰ প্ৰতি লক্ষ্য ৰাখি তিব্বতৰ স্থানীয় প্ৰশাসনে ইতিমধ্যে ৬ টা পৰিয়ালক স্থানান্তৰ কৰিছে। উদ্ধাৰ আভিযানত প্ৰশাসনে ব্যৱহাৰ কৰিছে হেলিকপ্টাৰ।

কেন্দ্ৰীয় জল আয়োগে ১৭ অক্টোবৰ বিয়লি অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে যদিও এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইফালে অৰুণাচল চৰকাৰে পূৰ্ণ সতৰ্কতা গ্ৰহণ কৰিছে। সজাগ কৰি তুলিছে চিয়াঙৰ দাঁতি কাষৰীয়া লোকসকলক। অৱশ্যে কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যখনৰ জিলা প্ৰশাসনে অৰুণাচল প্ৰদেশৰ কেইবাখনো চুবুৰীয়া জিলাত আগজাননী দিছে। 

Comments
Loading...