ডিব্ৰুগড়ত ৩০ আৰু ৩১ অক্টোবৰত কেৰিয়াৰ ফেয়াৰ

0 43

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পিছত এইবাৰ ডিব্ৰুগড়ত চহৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ‘কেৰিয়াৰ ফেয়াৰ’ শীৰ্ষক শৈক্ষিক অনুষ্ঠান। দেশৰ সৰ্বাধি প্ৰচলিত ইৰংজী দৈনিক বাতৰি কাকত ‘দ্যা হিন্দু’ কাকত গোষ্ঠীৰ সৌজন্যত ৩০ আৰু ৩১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে কেৰিয়াৰ বিষয়ক অনুষ্ঠান।

প্ৰধানতঃ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ অনুষ্ঠিত হবলগীয়া ‘কেৰিয়াৰ ফেয়াৰ’ শীৰ্ষক অনুষ্ঠানত দেশৰ কেইবাখনো প্ৰতিষ্ঠানো শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিব।

আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ-মেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে গুৱাহাটীৰ বেলতলাস্থিত গ্ৰাণ্ড ভৱেন্দ্ৰ আলেত ২৭ আৰু ২৮ অক্টোবৰত সফলতাৰে ‘কেৰিয়াৰ ফেয়াৰ’ সম্পন্ন হোৱাৰ পিছত এইবাৰ ডিব্ৰুগড় চহৰৰ এইচ এছ ৰোডত অৱস্থিত হোটেল নটৰাজত আয়োজন কৰিছে কেৰিয়াৰ বিষয়ৰ শৈক্ষিক অনুষ্ঠানটো। উল্লেখ্য যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক শিক্ষাৰ্থীৰ প্ৰৱেশ মাচুল সম্পূৰ্ণ বিনামূল্য।

Comments
Loading...