ডিব্ৰুগড় চহৰত ভয়ংকৰ অগ্নিকাণ্ড

0 126
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় চহৰত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। চহৰখনৰ কে পি ৰোডত সংঘটিত হোৱা অগ্নিকাণ্ডত অঞ্চলটোৰ প্ৰায় দহখনৰো অধিক বাসগৃহ ভস্মিভূত হোৱাৰ খবৰ পোৱা গৈছে।
আনহাতে এই অগ্নিকাণ্ডত প্ৰায় কেইবা লক্ষ্যধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে। অৱশ্যে স্থানীয় লোকৰ তত্পৰতাত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে প্ৰায় দুঘন্টাৰ অন্ততঃ জুই নিয়্ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
বৰ্তমানলৈকে অগ্নিকাণ্ডি সংঘটিত হোৱাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ ব্যক্ত কৰি জানিবলৈ দিছে।

Comments
Loading...