বয়োজ্যেষ্ঠ ব্যক্তি বনাম আমি

ভাস্কৰ জোনাক দত্ত

0 248

বিংশ শতিকাৰ বিশ্বায়ন আৰু মানৱ সভ্যতাৰ চূড়ান্ত উৎকৰ্ষ সাধনৰ আজি এই প্ৰেক্ষাপটত সততে আলোচিত হোৱা বিভিন্ন বিষয় সমূহৰ মাজত আন এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে বয়োজেষ্ঠ ব্যক্তি বনাম আমি৷ বয়োজ্যেষ্ঠ ব্যক্তি বনাম আমি, জীৱনৰ অভিজ্ঞতাময় শিক্ষাৰে শিক্ষিত এফালে বৃদ্ধলোকসকল, আনফালে আকৌ বিংশতম আধুনিকতাৰ গ্ৰাসত জীৱন অতিবাহিত কৰিব বিচৰা আমি প্ৰজন্ম৷

এতিয়া প্ৰশ্ন হয়, বয়োজ্যেষ্ঠ ব্যক্তিসকল আমাৰ প্ৰজন্ম বাবে নে যুৱ-প্ৰজন্মৰ আধুনিকতম সময়বোৰ তেওঁলোকৰ বাবে? দেখা যায় আমাৰ সমাজ ব্যৱস্থাত বৰ্তমান বয়োজ্যেষ্ঠ ব্যক্তিসকল অৱহেলিত হৈ পৰিছে৷ জীয়াই থকা উদ্যম সাহস, প্ৰেৰণা, মনোৱল যেন নোহোৱা হৈ পৰিছে, কিন্ত কিয়? কিয় আজি আমাৰ বৃদ্ধ মা-দেউতা, ককা-আইতা, খুড়া-খুড়ী, মামা-মামীৰ বাবে বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ কিয় আজি আমি আমাৰ পিতৃতুল্য, মাতৃময়ী মা সকলক ৰাস্তা কাষত অৰ্ধমৃত হিচাপে পৰি থকা দেখা পাইছো, কিয়? আধুনিকতাৰ ছত্ৰছায়াত নে এইয়া উচ্চ শিক্ষাৰ সফলতা নে বিলাসী জীৱনৰ এক সংস্কৃতি? পৰম্পৰাৰে প্ৰসিদ্ধ আজি সমাজ ব্যৱস্থাৰ গতি কোন দিশে? যুৱ-প্ৰজন্মৰ চিন্তাধাৰা এইক্ষেত্ৰত কিমান ইতিবাচক? কি বিচাৰে নতুন প্ৰজন্মই? কি চিন্তা কৰে নতুন প্ৰজন্মই৷

সময়ৰ গতিত সমাজ পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন হৈছে মানুহৰ মন, পৰিৱৰ্তন হৈছে মানুহৰ চিন্তাশক্তি৷ সকলোৱে নিজস্ব চিন্তাশক্তিৰে সফলতা আৰ্জিৱ বিচাৰে৷ কিন্ত সেই সফলতা বাৰু স্বাৰ্থপৰ নেকি? সেই সফলতা পিতৃ-মাতৃক অথবা বৃদ্ধলোক সকলক কৰা অপমানিত নেকি? সেই সফলতা বয়োজ্যেষ্ঠ ব্যক্তিক সন্মানৰ পৰা বঞ্চিত কৰা নেকি?

আজিৰ পৰিৱৰ্তনশীল সমাজত আমি আমাৰ পিতৃ-মাতৃৰ বাবে কিছু চিন্তা কৰিছোঁ নে? যদি কৰিছো, সেই চিন্তাৰ উত্তৰ বৃদ্ধাশ্ৰম নেকি? আজি সততে দেখা পোৱা যায় আমি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সন্মান, শ্ৰদ্ধা, মৰম, আন্তৰিকতা আদিৰ পৰা আতঁৰি আহিছো। আজি সমাজত এজন যুৱক বা যুৱতীয়ে যেতিয়া চিটি বাছত যাত্ৰা কৰে, সেই সময়ত সেই বাছত যেতিয়া এজন বৃদ্ধ লোকৰ আগমন ঘটে, তেতিয়া বাৰু যুৱক বা যুৱতী গৰাকীয়ে নিজ আসনখন সেই বৃদ্ধলোকজনক গতাই দিয়ে নে? এজন শিক্ষকক সন্মান স্বৰূপে চাইকেলৰ পৰা নামি শ্ৰদ্ধাৰে এষাৰ মাত লগাইনে? বাছ ষ্টেচন, ৰে’ল ষ্টেচন অথবা যিকোনো ৰাজহুৱা স্থানত কৰা সুৰাপানে যুৱ-প্ৰজন্মক কোন দিশে গতি কৰাইছে সেয়া চিন্তনীয় বিষয়৷

অশেষ কষ্ট কৰি ডাঙৰ মানুহ, কতৃত্বশীল সন্মানীয় ব্যক্তি হিচাপে গঢ় দিৱ পৰাকৈ আমাৰ পিতৃ-মাতৃয়ে অনেক কষ্ট, ত্যাগ স্বীকাৰ কৰি আহিছে৷ মানৱ সম্পদ হিচাপে নিজ পুত্ৰ কন্যাক গঢ়ি তোলাৰ বাবে অনেক পিতৃ-মাতৃয়ে নিজৰ সন্মানকো পুত্ৰৰ সন্মানৰ বাবে, পুত্ৰ কন্যাৰ স্বাৰ্থক বলিদান দিয়া উদাহৰণো এইখন সমাজত নজিক আছে৷

সেই মানৱ সম্পদসমূহে আকৌ নিজ পিতৃ-মাতৃক, বয়োজ্যেষ্ঠ ব্যক্তিসকলক জীৱনৰ অসহায় অৱস্থাত বিলাসী জীৱনত বৃদ্ধাশ্ৰমত পুখুৰীত মাছৰ পোনা মেলাৰ দৰে মেলি দিছে আৰু ঘৰতে বিলাতী কুকুৰ পুঁহি দিনে ৰাতিয়ে মাংস, মাছ খোৱাই আধুনিকতা জীৱনৰ পাতনি মেলিছে। তেওঁলোকৰ ভাষাত এইয়াই হেনো বিলাসী জীৱন, ইয়াকে কয় আধুনিক জীৱনশৈলী৷ এতিয়া প্ৰশ্ন হয়, এইদৰে আজি আমাৰ সমাজ ব্যৱস্থাত আধুনিকতাবাদী চিন্তাধাৰা হিচাপে যুৱ-প্ৰজন্মই গ্ৰহণ কৰিছে নেকি? এইয়াই নেকি যুৱ প্ৰজন্মৰ আধ্যাত্মিক চিন্তাশক্তি? এইয়াই নেকি যুৱ-প্ৰজন্মৰ নৈতিক প্ৰমূল্যবোধ? এইসকলেই নেকি আধুনিক শিক্ষাৰে শিক্ষিত যুৱক-যুৱতী? এইয়াই নেকি আধুনিকতা চেতনা? যদি সেয়ে হয় তেন্তে এইসকল যুৱ-প্ৰজন্ম উচ্চ শিক্ষাৰে শিক্ষিত মানৱতাবিহীন একো একোজন পহু তুল্য নহয় নে?

Comments
Loading...