কিহৰ বাবে মৈত্ৰী?

পৰমানন্দ দাস

0 100

অসমীয়াই এতিয়া অসমতে জীয়াই থাকিবৰ বাবে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লগা হৈছে। ৪৬ টাৰো অধিক জাতীয়-জনগোষ্ঠীয় সংগঠনে সৰ্বাত্মকভাৱে গঢ়ি তোলা এই সংগ্ৰামৰ ফলশ্ৰুতিত বাঙালীসকলে কৌশল কিছু সলনি কৰা দেখা গৈছে। আগতে চিধা-চিধি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সমৰ্থন কৰিছিল। এতিয়া তেওঁলোকে কয় ,এন.আৰ.চিত অন্তৰ্ভুক্ত নোহোৱা হিন্দু বাঙালীসকলক (পৰমানন্দ ৰাজবংশীৰ মতে ২০ লাখ) চৰকাৰে এন.আৰ.চিত বিনাচৰ্তে অন্তৰ্ভুক্ত কৰিব লাগে আৰু অন্তৰ্ভুক্তিৰ বাবে সকলো অসমীয়া লোকে সহযোগ কৰিব লাগে , ডি-ভোটাৰ হিচাপে ঘোষিত হোৱা বাঙালী সকলক চৰকাৰে ৰেহাই দিব লাগে আৰু ডিটেনচন কেম্পত থকা বাঙালী সকলক চৰকাৰে বিনাচৰ্তে মুক্তি দিব লাগে। অন্যথা তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ সমৰ্থন কৰি যাব। কি অদ্ভুত, ভিত্তিহীন আৰু যুক্তিহীন চৰ্ত বাঙালী সংগঠনসমূহৰ চাওঁক।

এন.আৰ.চিত ২০ লাখ হিন্দু বাঙালী অন্তৰ্ভুক্ত নহ’ল, সেই ২০ লাখ লোকক প্ৰকৃত ভাৰতীয় বা ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অসমলৈ অহা বুলি বাঙালী সংগঠন সমূহে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু সাহিত্য সভাৰ সভাপতিয়ে কথাটো স্পষ্টভাৱে (প্ৰায় সন্মতিসূচক) প্ৰকাশ নকৰিলে। দ্বিতীয়তে কোনো লোক যদি প্ৰকৃত ভাৰতীয় হোৱাৰ পিছতো ডি-ভোটাৰ হিচাপে চিহ্নিত হৈছে বা বিদেশী হিচাপে ঘোষিত হৈ ডিটেনচন কেম্পত আছে, তেতিয়াহ’লে তেওঁলোক তথ্য সহকাৰে আদালতৰ কাষলৈ যাওঁক। যদি সচাঁকৈয়ে প্ৰকৃত ভাৰতীয় হয় তেন্তে আদালতে নিশ্চিতভাৱে ইতিবাচক ৰায় দিব। এই ক্ষেত্ৰত ডি-ভোটাৰৰ বিষয়টি বা ডিটেনচনৰ বিষয়টি নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগত সনা-পোটকা কৰাৰ যুক্তি ক’ত?


এতিয়া কথা হ’ল এন.আৰ.চিত অন্তৰ্ভুক্ত নোহোৱা ২০ লাখ বাঙালী লোক প্ৰকৃত ভাৰতীয় হ’ব পাৰেনে? এন.আৰ.চিৰ প্ৰক্ৰিয়াত ইমান ভুল হোৱাটো সম্ভৱনে? কি চিন্তাৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে এনে নাভূত-নাশ্ৰুত যুক্তি মানি লৈ মৈত্ৰী আলোচনাৰ বাবে সন্মতি প্ৰদান কৰিব পাৰিলে, সেয়া সন্দেহৰ আৱৰ্তত নহয় নে? বাঙালী সকলৰ অবান্তৰ দাবী সমূহ চৰকাৰে মানি ন’ললে আৰু সেই দাবীসমূহৰ প্ৰতি অসমৰ সংগঠন সমূহে সমৰ্থন আগনবঢ়ালে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ সমৰ্থনত আন্দোলন আৰু সভা-সমিতি কৰি যাব, এইবোৰ অসমত থাকি অসমীয়াক কৰা কেনে ব্লেকমেইলিং? এইবোৰ দাবীৰ আধাৰত মৈত্ৰীৰ কথা ভাবিব পাৰিনে ?এই কথাবোৰৰ জৰিয়তে এন.আৰ.চিৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বুমেৰাং কৰিবলৈ চেষ্টা কৰি সকলো হিন্দু বাংলাদেশীৰ লোকক স্বদেশী কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বাঙালী সংগঠনসমূহে ১৭ নৱেম্বৰৰ সভা বাতিল কৰি বু্দ্ধিৰ কাৰচাজিৰে এতিয়া মৈত্ৰী সন্মিলনৰ নামত অসমীয়া মানুহক ব্লেকমেইলিঙৰ ৰাজনীতি আৰম্ভ কৰিছে। কথাবোৰ জটিল আৰু ভয়াৱহ হৈ আহি আছে। আমি ভাষা -সংস্কৃতিৰ প্ৰগতি সাধনৰ পৰিৱৰ্তে এতিয়া থকাখিনিও নি:শেষ হোৱাৰ পৰা বচাবৰ বাবে প্ৰতিৰোধ সংগ্ৰামত ব্ৰতী হ’ব লগা হৈছে। সাহিত্য সভাৰ দৰে অনুষ্ঠানে এনে সংকটৰ সময়ত বাঙালীৰ বৌদ্ধিক চক্ৰবেহুত সোমোৱাৰ পূৰ্বে কিছু সতৰ্ক হোৱা উচিত। অন্যথা আমি নিশ্চিতভাৱে নি:শেষ হৈ যাম।
বি:দ্ৰ:-শুনিছো ভোটাৰ কাৰ্ড আৰু ডি.এল.ই.ডিৰ প্ৰশ্ন কাকতত বোলে বাঙালী ভাষাৰ পয়োভৰ হৈছে।

 

@পৰমানন্দ দাস

 

Comments
Loading...