১৯ আৰু ২০ জানুৱাৰীত চাবুৱা হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ মিলন সমাৰোহ

0 54

ডিজিটেল সংবাদ, চাবুৱাঃ ইতিহাস প্ৰসিদ্ধ চাবুৱা হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ত অহা বৰ্ষৰ ১৯ আৰু ২০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সতীৰ্থ মিলন সমাৰোহৰ আয়োজন কৰিছে। এই সন্দৰ্ভত দেওবাৰে হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত মিলন সমাৰোহ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত শিক্ষক ভাগেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যখ্যা কৰে হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ মিলন সমাৰোহৰ উদযাপন সমিতিৰ সম্পাদক নিপুল কোঁৱৰে।

সভাত চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক  ড° দিগন্ত দত্ত, লাহোৱাল মহাবিদ্যালয়ৰ অধ্যাপক হৰল দত্তই গঠন মূলক দিহা-পৰামৰ্শ দিয়াৰ লগতে সভাত  মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র যুগল বৰুৱা, বিশিষ্ট ব্যৱসায়ী উজ্জল বৰুৱা আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ সত্যনাথ দুৱৰাই উপস্থিত থাকি বক্তব্য দাঙি ধৰে।

 

Comments
Loading...