উত্তৰ পূৱৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ অভিযোগ খণ্ডন চীনৰ

0 23

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ বৰুৱা স্থিতি অগ্ৰাহ্য চীনৰ বিদেশ মন্ত্ৰণালয়ৰ। পৰেশ বৰুৱাৰ চীনৰ সৈতে দীৰ্ঘদিনীয়া সম্বন্ধৰ অভিযোগো অস্বীকাৰ চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ।

মঙলবাৰে চীনা বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ হোৱা চুনিঙে বেইজিঙত সম্বোধন কৰিছিল বিদেশ সংবাদমেল। চীনা মুখপাত্ৰজনে উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনক চীনে অস্ত্ৰ যোগান ধৰাৰ অভিযোগো খণ্ডন কৰে।

সোমবাৰে নতুন দিল্লীত ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ মন্ত্ৰী ঝাও কেঝিয়ে স্বাক্ষৰ কৰিছিল আভ্যন্তৰীণ সুৰক্ষাত সহযোগ কৰাৰ দ্বিপাক্ষিক চুক্তি। এই চুক্তি বৰুৱাক কৰায়ত্ত কৰাত সহায়ক হ’ব বুলি সদৰি কৰিছিল ভাৰতীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই।

Comments
Loading...