জেৰাই গাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

0 109

ডিজিটেল সংবাদ, চাবুৱাঃ ডিব্ৰুগড় চাবুৱা জেৰাই গাঁৱত আজি অনুষ্ঠিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত চেতিয়া পথাৰ এফ চিয়ে বিজয় সাব্যস্ত কৰে। জেৰাই খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাত আজি চেতিয়া পথাৰ এফ চি বনাম  শ্ৰীপুৰীয়া একাডেমী মাজত অনুষ্ঠিত হয়।

জেৰাই আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা খেলত নিৰ্ধাৰিত সময়ত কোনো দলে গল দিব নোৱাৰাৰ বাবে খেল খন  ট্ৰাইবেকাৰ পদ্ধতিৰে খেলুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চেতিয়া পথাৰ এফ চি য়ে ট্ৰাইবেকাৰত ১ গল দি শ্ৰীপুৰীয়া একাডেমী বিপক্ষে প্ৰদান কৰে। যাৰ ফলত চেতিয়া পথাৰ এফ চি দলে জয়লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, দেৱ গগৈৰ দ্বাৰা পৰিচালিত আজিৰ ফুটবল খেল খন অনুষ্ঠিত হয়।

Comments
Loading...