মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত সক্ৰিয় বাওপন্থী ছাত্ৰ সংগঠন

0 90

ডিজিটেল সংবাদ, চাবুৱাঃ দেশৰ অন্যতম বাওপন্থী ছাত্ৰ সংগঠন ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ এখনি অভিৱৰ্তন কালি চাবুৱাত অনুষ্ঠিত হয়। চাবুৱাৰ ৰূপকোঁৱৰ প্ৰাথমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হোৱা অভিৱৰ্তনত সভাপতিত্ব কৰে সঞ্জীৱ দুলিয়াই।

ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ধ্ৰুৱ গোহাঁয়ে ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচনৰ লক্ষ্য, উদ্দেশ্য আৰু বৰ্তমানৰ আৰ্থসামাজিক, ৰাজনৈতিক তথা সমাজ ব্যৱস্থাত সংগঠনৰ কৰ্তব্য, প্ৰয়োজনীয়তাৰ সম্পৰ্কত বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে। অভিৱৰ্তনখনত উপস্থিত থাকি বক্তব্য আগবঢ়াই পুলক গগৈ, অৰূপ শইকীয়া, নয়নজ্যোতি গোহাঁই আৰু অনুপ হাজৰিকাকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে।

তেওঁলোকৰ বক্তব্যত যুৱক সকলৰ সমস্যা, ৰাজনৈতিক পৰিস্থিতি, বিজেপি, আৰ এচ এচৰ হিন্দুত্ববাদ, ফেচিবাদী নীতিৰ বৰ্বৰতা বিষয়ে উল্লেখ কৰে। ভাৰতৰ  সংবিধানত কৰ্মৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ দাবীত ভাৰতৰ গণতান্ত্রিক যুৱ ফেডাৰেচনৰ  দীৰ্ঘদিনীয়া আন্দোলনৰ যুক্তিযুক্ততা সন্দৰ্ভত বিশদভাবে আলোচনা কৰে। ইয়াৰ পাছতে সিদ্ধাৰ্থ বৰাক সভাপতি আৰু নয়নজ্যোতি গোহাঁইক সম্পাদক হিচাপে লৈ ১৯ জনীয়া এখন শক্তিশালী চাবুৱা আঞ্চলিক সমিতিখন গঠন কৰে।

Comments
Loading...