তনুশ্ৰী দত্তই মোক ধৰ্ষণ কৰিছিলঃ ৰাখী শ্বাৱন্ত

0 173

ডিজিটেল ডেস্কঃ চ’ছিয়েল মিডিয়াত সৃষ্টি হোৱা মি টু আন্দোলনে দেশৰ বলিউদ, ৰাজনীতি তথা সংবাদ জগতত আলোড়ন সৃষ্টি কৰিছে। বলিউদৰ মোহময়ী অভিনেত্ৰী তনুশ্ৰী দত্তই নানা পাটেকাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এইবাৰ বলিউদৰ আন এগৰাকী মোহময়ী অভিনেত্ৰী ৰাখী শ্বাৱন্ত উত্থাপন এক ভয়ংকৰ অভিযোগ।

অভিনেত্ৰী ৰাখী শ্বাৱন্তে সংবাদ-মাধ্যমৰ আগত তনুশ্ৰী দত্তই মোক ধৰ্ষণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংবাদ-মাধ্যমক ৰাখী শ্বাৱন্তে জানিবলৈ দি কয় যে, ”পুৰুষেই কেৱল নাৰীক ধৰ্ষণ নকৰে, নাৰীয়েও নাৰীক ধৰ্ষণ কৰিব পাৰে। আশ্বৰ্য্য হলেও এইয়াও সত্য। ১২ বছৰ পূৰ্বে তনুশ্ৰীয়ে মোক ধৰ্ষণ কৰিছিল। মই কেতিয়াও এই কথা কোৱা নাছিলো। মই সদায় নাৰীক সন্মান কৰো। কিন্তু তনুশ্ৰীয়ে শুই থকা নাগিনক জগাই দিলে। মই নীৰৱ হৈ আছিলো। তনুশ্ৰী দত্তই চুলি কিয় কাটিলে। কাৰণ তেওঁ মহিলা নহয়, পুৰুষহে। অন্তৰৰ পৰাই তাই সম্পূৰ্ণ পুৰুষ। আজিৰ পৰা ১২ বছৰ পূৰ্বে তাই মোৰ এগৰাকী ভাল বান্ধৱী আছিল। তনুশ্ৰী দত্ত, তুমি এগৰাকী মিছ ইণ্ডিয়া হব পাৰে, মানি লৈছো। তুমি মোক ৰেম্প পাৰ্টীত দুই-তিনিবাৰ লৈ গৈছিল। ৰেম্পত এটা পেকেটৰ পৰা চিগাৰেট উলিয়াই তাৰ ভিতৰত কিবা ভৰাই খাইছিল। মইয়ো লৈছিলো তেওঁৰ কথাত পৰি।  তুমি কৈছিলা নহয় তোমাৰ বিৰুদ্ধে মই মিছা অভিযোগ দিছো। কিন্তু তোমাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সম্পূৰ্ণ প্ৰমান মোৰ লগত আছে।”

শেহতীয়াকৈ ৰাখী শ্বাৱন্তৰ এই মন্তব্যৰ পিছতে দেশৰ বলিউদ জগত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। ইটোৰ পিছত সিটোৰ ভয়ংকৰ অভিযোগে ফাদিল কৰিছে গোপন কাহিনী। উল্লেখযোগ্য যে, তনুশ্ৰী দত্তই ইতিমধ্যে ৰাখী শ্বাৱন্তৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে। 

Comments
Loading...