পথ দূৰ্ঘটনাত আহত আৰক্ষী কনিষ্টবল

0 117

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় চাউলখোৱাত আজি সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হৈছে। ডিব্ৰুগড় অভিমুখে আহি থকা সময়ত এ এছ ০৬ পি ৪৮২৮ নম্বৰৰ বাইকখনত এখন যাত্ৰীবাহী বিক্ৰম বাহনে খুন্দিয়াই মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় কৰুণ গগৈ নামৰ আৰক্ষী কনিষ্টবলজন।

বহু সময় ধৰি ৰাজপথতে দূৰ্ঘটনাগ্ৰস্থ হৈ ছটফটাই থকাৰ অন্ততঃ স্থানীয় লোকৰ তত্পৰতাত আৰক্ষী কনিষ্টবলজনক চিকিত্সলায়লৈ লৈ যোৱা হয়। ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে যাত্ৰীবাহী বিক্ৰম বাহনখন। জানিব পৰামতে দূৰ্ঘটনাত আহত কৰুন গগৈ নামৰ আৰক্ষী কনিষ্টবলজন ডিব্ৰুগড় সদৰ থানাত কৰ্মৰত হৈ আছিল। 

Comments
Loading...