সদৌ অসম মুছলিম যুৱ পৰিষদৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

দাদুল আলীক সভাপতি আৰু মোক্তাৰ আহমেদ চৌধুৰীক সম্পাদক হিচাপে নিৰ্বাচিত

0 45

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শনিবাৰৰ পৰা বৰ্নাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে সদৌ অসম মুছলিম যুৱ পৰিষদৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। চাউলখোৱাৰ চাহ জনজাতি সংগ্ৰহাল প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পৰিষদৰ অধিৱেশনত পুৱা পতাকা উত্তোলন, শ্বহীদ আৰু বৃক্ষৰোপনৰ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় পৰিষদৰ কেন্দ্ৰীয় বিষয়বাছনি সভা।

সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চৌকট হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তক কাৰ্যকালৰ বাবে বৰ্তমান কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দাদুল আলীক সভাপতি আৰু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মোক্তাৰ আহমেদ চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে বিষয়বাছনি সভাৰ পিছতে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত শেহতীয়াকৈ ধলাৰ খেৰবাৰীত সংঘটিত হোৱা ৫ জনকৈ নিৰীহক গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ নিন্দা কৰি শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায়।

এই প্ৰতিনিধি সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীক বহিস্কাৰ কৰা, আন্তৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰা, জনসংখ্যাৰ ভিত্তিত সকলো মুছলমান সম্প্ৰদায়ৰ লোকসকলক চৰকাৰী-বেচৰকাৰী সুবিধা প্ৰদান কৰা আদিকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে এই সভাত ৰাজ্যখনৰ প্ৰায় কুৰিৰো অধিক জিলা সমিতিৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Comments
Loading...