পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি সন্দৰ্ভত কি ক’লে অনুপ চেতিয়াই?

0 437

ডিজিটেল ডেস্কঃ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছে এটা ডিজিটেল মিডিয়াত। প্ৰকৃততে বাতৰিটো কিমান সত্য সেই সন্দৰ্ভতো কোনেও নিশ্চিত কৰিব পৰা নাই। ভাৰতীয় চোৰাংচোৱা সংস্থা তথা অসম আৰক্ষীৰ হাততো তথ্য পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি। এই সন্দৰ্ভত আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ-মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া। সংবাদ-মাধ্যমক অনুপ চেতিয়াই জানিবলৈ দিয়ামতে তিনিমাহ মানৰ পূৰ্বে পৰেশ বৰুৱাৰ মটৰ চাইকেল দূৰ্ঘটনাত আহত হৈছিল। পৰেশ বৰুৱাই এটা শিলৰ ওপৰত পৰি গুৰুতৰভাৱে আঘাট পাইছিল। দূৰ্ঘটনাৰ এমাহৰ পাছত অনুপ চেতিয়ালৈ ফোন কৰিছিল পৰেশ বৰুৱাই।

এই দূৰ্ঘটনাত ৫ আৰু ৬ নম্বৰ কামিহাড় ভগাৰ কথা জনাইছিল ভাতৃ অনুপ চেতিয়াক। সোঁভৰীৰ বুঢ়া আঙুলিটো কিছু আঘাট পাইছিল। আনহাতে ইয়াৰ পিছতে পৰেশ বৰুৱাই অনুপ চেতিয়ালৈ ফোন কৰি সম্পূৰ্ণ সুষ্ঠ হোৱাৰ কথা জনাইছিল। ধলা-শদিয়াৰ ঘটনাৰ পিছদিনাও পৰেশ বৰুৱাৰ পৰা ফোন আহিছিল অনুপ চেতিয়ালৈ। কিন্তু ব্যস্ততাৰ কাৰণত উক্ত দিনা ৰিচিভ কৰিব নোৱাৰিলে। ডিজিটেল মিডিয়াত পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি সন্দৰ্ভত বিশ্বাস কৰিব পৰা নাই ভাতৃ অনুপ চেতিয়াই। পৰেশ বৰুৱাৰ বিৰুদ্ধে অপপ্ৰচাৰ বুলি আশংকা কৰিছে চেতিয়াই। যদি ঘটনাটো সঁচাই তেন্তে নিশ্চয় অৱগত হব। দূৰ্ঘটনাৰ পিছত তিনিবাৰকৈ যোগাযোগ হৈছিল পৰেশ বৰুৱাৰ সৈতে। ফাচি বজাৰৰ দূৰ্ঘটনাৰ পিছতে শেষবাৰলৈকে যোগাযোগ হৈছিল পৰেশ বৰুৱাৰ সৈতে।

Comments
Loading...