দয়ানন্দ শ্বাহক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ বি চি’ৰ উপ-সভাপতিৰ দায়িত্ব

0 122

ডিজিটেল সংবাদ, লাহোৱালঃ অসম চাহ জনজাতি জাতীয় মহাসভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি তথা কংগ্ৰেছ কৰ্মী লাহোৱালৰ দয়ানন্দ শ্বাহক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ বি চি বিভাগৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পন কৰিছে ৷ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ’ বি চি বিভাগত চাৰিজনক উপ-সভাপতি, পাঁচজনক সাধাৰণ সম্পাদক, চাৰিজনক সম্পাদক আৰু এজনক কোষাধ্যক্ষ হিচাবে নিযুক্তি প্ৰদান কৰিছে৷

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৩২ খন জিলাত একোজনকৈ উপ-সভাপতি নিযুক্তি দিয়া দিছে৷ আনহাতে ইয়াৰে ডিব্ৰুগড় জিলাৰ সক্ৰিয় কংগ্ৰেছ নেতা দয়ানন্দ শ্বাহক এই দায়িত্ব অৰ্পণ কৰাত বিভিন্ন জনে অভিনন্দন জনাইছে।

Comments
Loading...