বিতৰ্কিত বাঙালী নেতা সুজিত সৰকাৰক আটক

0 37

ডিজিটেল ডেস্কঃ ‘অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম’ বুলি উচটনিমূলক মন্তব্য দি আৰক্ষীৰ জালত পৰিল বিতৰ্কিত বাঙালী নেতা সুজিত সৰকাৰ। আজি আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগে তিনিচুকীয়াত সুজিত সৰকাৰৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

‘অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম’ বুলি কোৱা সুজিত সৰকাৰৰ বিৰুদ্ধে প্ৰৱাল নেওগৰ এজাহাৰ

ওদালগুৰি জিলা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ সভাপতি সুজিত সৰকাৰৰ বিৰুদ্ধে ১২ টা সংগঠনে দিছিল এজাহাৰ। ইতিমধ্যে সুজিত সৰকাৰক কোকৰাঝাৰ আৰক্ষী থানাত সোধাপোছা কৰি থকা হৈছে। ১৭৫/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে সুজিত সৰকাৰক। ইফালে গ্ৰেপ্তাৰৰ বিপৰীতে আত্মসমৰ্পন কৰা বুলিহে মন্তব্য কৰিছে সুজিত সৰকাৰে।  

Comments
Loading...