অসমৰ ব্ৰহ্মপুত্ৰ-বৰাক জলৰাশিৰ ওপৰত কেন্দ্ৰৰ শেনচকু

0 75

ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে শেহতীয়াভাৱে সংসদত উত্থাপনৰ বাবে ‘ৰিভাৰ বেচিন মেনেজমেণ্ট বিল, ২০১৮’ শীৰ্ষক এখন বিধেয়কৰ খচৰা প্রস্তুত কৰিছে। প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ অৱবাহিকা অঞ্চলকে ধৰি দেশৰ ১৩ খন প্ৰধান নৈৰ নামত সুকীয়া সুকীয়াকৈ ‘ৰিভাৰ বেচিন অথৰিটি’ স্থাপনৰ প্ৰস্তাৱ অনা হৈছে। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ‘ৰিভাৰ বেচিন মেনেজমেণ্ট বিল’ৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু এই বিধেয়কখন তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে। ইতিমধ্যে কেন্দ্ৰৰ জলসম্পদ মন্ত্ৰণালয়ে যোৱা ৫ নৱেম্বৰৰ ভিতৰত দেশৰ বিভিন্ন দল, সংগঠন, ব্যক্তিৰ পৰা খচৰা বিধেয়কখনৰ সম্পৰ্কত মতামত বিচৰাত পাৰ্টিয়ে নিৰ্ধাৰিত সময়ত নিজৰ মত ব্যক্ত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে পৰ্যাপ্ত সময় নিদিয়াকৈ ততাতৈয়াকৈ বিলখন সংসদত উত্থাপনৰ বাদে পদক্ষেপ গ্ৰহণ কৰিছে। চি পি আই (এম) দলে অভিযোগ কৰামতে, এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰই নদীৰ ওপৰত থকা ৰাজ্যসমূহৰ আৰু সংশ্লিষ্ট জনসাধাৰণৰ অধিকাৰ হৰণ কৰি সমস্ত অধিকাৰ নিজৰ হাতলৈ নিব বিচাৰিছে। ই দেশৰ যুক্তৰাষ্ট্ৰীয় কাঠামো তথা ৰাজ্যসমূহৰ অধিকাৰৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ। খচৰাখনৰ প্ৰথম অধ্যায়ৰ ৩ নং দফাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আন্ত:ৰাজ্যিক নদী আৰু নদী-উপত্যকাসমূহৰ বিধিব্যৱস্থা আৰু উন্নয়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নিজৰ নিয়ন্ত্ৰণৰ অধীনলৈ আনিব লাগে। পাৰ্টিয়ে প্ৰকাশ কৰে যে  নদী নিয়ন্ত্ৰণ, উন্নয়ন আৰু পৰিচালনাৰ নামত অসম তথা উত্তৰ-পূবৰ জলৰাশিৰ ওপৰত দৰাচলতে কেন্দ্ৰৰ শেনচকু পৰিছে। অঞ্চলটোৰ বিশাল জলৰাশি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত একছেটিয়া নিয়ন্ত্ৰণ সাব্যস্ত কৰি এইবোৰ বৃহৎ ব্যৱসায় আৰু কৰ্পৰেট খণ্ডৰ  লুণ্ঠনৰ পথ প্ৰশস্ত কৰাই মোদী চৰকাৰৰ একমাত্ৰ লক্ষ্য। উন্নয়ন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি অঞ্চলটোৰ ক্ষিপ্ৰ উন্নয়ন কেন্দ্ৰৰ উদ্দেশ্য নহয়। ইতিপূৰ্বে কেন্দ্ৰত বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পাছতে অসমৰ লাভজনক তৈলক্ষেত্ৰসমূহ নিলামৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে। তদুপৰি পূৰ্বতে কেন্দ্ৰৰ বাজপেয়ী চৰকাৰে প্ৰস্তাৱ কৰা ‘নদী সংযোগ আঁচনি’খন  প্ৰৱল জনমতৰ হেঁচাত পৰিত্যক্ত হোৱাৰ পাছত এতিয়া একেই উদ্দেশ্যত নতুন ৰূপত এই প্ৰস্তাৱ আনিছে বুলি আশংকা কৰাৰ থল আছে। 

জলভাণ্ডাৰ সহ  বিশাল প্ৰাকৃতিক সম্পদৰাজিৰে চহকী আৰু জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বৈশিষ্ট্য, জনগাঁথনি আৰু জনসাধাৰণৰ জীৱন-প্ৰণালী, পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা, আদি সকলোবোৰেই বিচিত্র আৰু অনন্য। প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও প্ৰাকৃতিক সম্পদৰাজিৰ সদব্যৱহাৰ কৰি অঞ্চলটোৰ ক্ষিপ্ৰ উন্নয়ন আৰু জনসাধাৰণৰো  জীৱন-মানৰ উন্নয়নৰ  বাবে আজিলৈ কেন্দ্ৰৰ কোনো এখন চৰকাৰেই ফলপ্ৰসূ ব্যৱস্থা নল’লে। স্বাধীনতা-উত্তৰ কালৰ পৰাই ৰাজ্যখন কেৱল কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ চিকাৰ হ’ল। 

‘পৰিৱৰ্তন’ৰ নামত কেন্দ্ৰত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত এই বৈষম্য, প্ৰতাৰণা আৰু প্ৰবঞ্চনা অধিক প্ৰকট হ’বলৈ লৈছে। আনকি অসমৰ বান আৰু গৰা খহনীয়াৰ সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি সৌ-সিদিনা মোদী চৰকাৰে সংসদত বিবৃতি দিছে যে বান-খহনীয়া সমস্যাটোৰ সমাধানৰ দায়িত্ব ৰাজ্য চৰকাৰেহে ল’ব লাগিব। আনহাতে জৰাগ্ৰস্ত ‘ব্ৰহ্মপুত্ৰ বৰ্ড’ৰো সংস্কাৰসাধন, পুনৰ্গঠন আৰু দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰখনে একোকে নকৰিলে।  এতিয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ পৰিচালনা আৰু উন্নয়নৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ঠগ আৰু প্ৰবঞ্চনাৰ নতুন পাং পাতিছে বুলি চি পি আই (এম) দলে মত প্ৰকাশ কৰে। 

চি পি আই(এম) দলে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হয়, প্রস্তাৱিত বিলখন আইনত পৰিণত হলে অসমৰ কৃষি-অৰ্থনীতি, জনসাধাৰণৰ জীৱন-যাত্ৰা, বৰাক-ব্ৰহ্মপুত্ৰৰ জীৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিকতা, নৈ-পৰীয়া জনসাধাৰণৰ জীৱন-জীৱিকা আদি সকলোতে ভয়ংকৰ প্ৰভাৱ পৰিব। অসমৰ জীৱন-ৰেখা হিচাপে স্বীকৃত ব্ৰহ্মপুত্ৰ-বৰাক আৰু দুয়োখন প্ৰধান নৈৰ দুয়োপাৰে থকা বিশাল ভূখণ্ড কেন্দ্ৰৰ অধীনলৈ অনাৰ সহজ অৰ্থ হ’ল নদ-নদী, পানী-বায়ু, প্ৰাকৃতিক সম্পদৰ ওপৰত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট জনসাধাৰণৰ অধিকাৰ হৰণ তথা কেন্দ্ৰৰ একছেটিয়া কৰ্তৃত্ব স্থাপনৰ জৰিয়তে ৰাজ্যৰ সম্পদ লুণ্ঠন। কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অনুসৰণ কৰা সৰ্বনশীয়া নব্য উদাৰ আৰ্থিক নীতিৰ লগত সংগতি ৰাখিয়েই প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে তৈলক্ষেত্ৰ নিলাম কৰাৰ দৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলৰাশিকো দেশী-বিদেশী বৃহৎ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চক্ৰান্ত কৰিছে বুলি চি পি আই (এম) দলে আশংকা প্ৰকাশ কৰে। 

পাৰ্টিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থৰ পৰিপন্থী এই বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালীভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজ্যৰ সকলো দল, সংগঠন আৰু সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

Comments
Loading...