২৪ ঘন্টীয়া অসম বন্ধত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষিপ্ত ঘটনা

0 45

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ ধলা খেৰবাৰীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই আজি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ সময়ত ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়। অসম বন্ধ সমৰ্থকৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ পৰে সাধাৰণ জনগণ। বৰপেটাৰোডত বিবাহযাত্ৰীৰ বাছলৈ শিলগুটি দলিয়ালে বন্ধ সমৰ্থকে। সৰভোগৰ পৰা শিৱসাগৰ অভিমুখী আছিল বিবাহ যাত্ৰী কঢ়িওৱা বাছখন। বিদ্যালয়ত সন্তানক থ’বলৈ যোৱা অভিভাৱককো আক্ৰমণ বন্ধ সমৰ্থকৰ। ঘটনা সন্দৰ্ভত ৩৬জন বন্ধ সমৰ্থকক আটক কৰিলে আৰক্ষীয়ে।

হোজাইত বন্ধ সমৰ্থক আৰু ব্যৱসায়ীৰ মাজত সংঘাত সৃষ্টি হয়। দুই পক্ষৰ সংঘাতত আহত হ’ল দুজন বন্ধ সমৰ্থক। বলপূৰ্বকভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিছিল প্ৰতিবাদকাৰীয়ে। ইয়াকে লৈ সংঘাত সৃষ্টি হয় বন্ধ সমৰ্থক আৰু ব্যৱসায়ীৰ মাজত।

বাঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়তে বৰপেটাৰোডত বিক্ষিপ্ত হিংসাত্মক ঘটনা। বিবাহযাত্ৰীৰ বাছলৈ শিলগুটি দলিয়ালে বন্ধ সমৰ্থকে। সৰভোগৰ পৰা শিৱসাগৰ অভিমুখী আছিল বিবাহ যাত্ৰী কঢ়িওৱা বাছখন। বিদ্যালয়ত সন্তানক থ’বলৈ যোৱা অভিভাৱককো আক্ৰমণ বন্ধ সমৰ্থকৰ। ঘটনা সন্দৰ্ভত ৩৬জন বন্ধ সমৰ্থকক আটক কৰিলে আৰক্ষীয়ে।

নগাঁৱৰ আমনিতো যান-বাহনৰ গ্লাছ ভাঙিলে বন্ধ সমৰ্থকে। ওৰাঙত আৰক্ষীয়ে আটক কৰিলে বন্ধৰ নামত উদ্ভণ্ডালি কৰা ৩০জনকৈ লোকক। লংকাৰ ভালুকমাৰীত ৫৪নং ঘাইপথত অৱৰোধ কৰিলে বন্ধ সমৰ্থকে।

ধুবুৰীৰ বিলাসীপাৰা, সাপটগ্ৰাম, গৌৰীপুৰত এইপৰ্যন্ত ৩০০ৰো অধিক বন্ধ সমৰ্থনকাৰীক আটক কৰিছে। বাঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সমৰ্থনত ওলাই অহা পুৰুষ-মহিলাকে ধৰি ৩০০ৰো অধিক লোকক আটক কৰিলে আৰক্ষীয়ে।

Comments
Loading...