দল-সংগঠন নহয়, বন্ধৰ বিৰুদ্ধে ৰাইজে দিলে এজাহাৰ

0 121

ডিজিটেল সংবাদ, চাবুৱাঃ এইবাৰ বন্ধৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজে। বন্ধ আহ্বা্ন জনোৱা সংগঠনৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ জনগণই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো ভেঙুচালি কৰি অসম বন্ধ, জিলা বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ঘোষণাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে সাধাৰণ জনগণই। বন্ধৰ ফলত পেটত গামোচা মাৰিবলগীয়া হৈছে দিন-হাজিৰা কৰি দুবেলা-দুমুঠি খোৱা দৰিদ্ৰ লোকে। তদুপৰি ৰাজ্যখনে ব্যাপক লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।

৩ নৱেম্বৰত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেছনে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধক কোনো পধ্যে সমৰ্থন নকৰে বুলি স্পষ্ট কৰি দিছে চাবুৱাৰ সচেতন নাগৰিকে। বন্ধ আহ্বান জনোৱা সংগঠনৰ বিৰুদ্ধে আজি চাবুৱাৰ দুজন সচেতন ব্যক্তিয়ে চাবুৱা আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

ধলাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদত তিনিচুকীয়া জিলা বন্ধ আহ্বান জনোৱা অজিত দাস, শুভ্ৰদ্বীপ নন্দী আৰু ২৪ ঘন্টীয়া অসম বন্ধৰ ঘোৰ সমৰ্থক কমল চৌধুৰী আৰু অজয় সৰকাৰৰ বিৰুদ্ধে under section 12 of contempt of court Act-1971ৰ অধীনত গোচৰ তৰিবলৈ এজাহাৰ দাখিল কৰিছে।

Comments
Loading...