ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

0 21

ডিজিটেল ডেস্কঃ ধলাৰ নৰসংহাৰ ঘটনাৰ প্ৰতিবাদত আৰু সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰছনে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধ আজি ৰাজ্যৰ ভিন ভিন ঠাইত সৰ্বাত্মক প্ৰভাৱ পৰিছে। বৰাক উপত্যকাৰ শিলচৰতো পুৱাই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ’ল। অসম বন্ধৰ বাবে বাতিল কৰা হৈছে আজি শিলচৰৰ পৰা চলিবলগীয়া শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰে’লখন। আনহাতে ৮ বজাৰ পৰিৱৰ্তে ১২ বজাত চলাচল কৰিব শিলচৰ-আগৰতলা যাত্ৰীবাহী ৰে’লখন। শিলচৰ আৰু কাছাৰত এই বন্ধৰ সমৰ্থন জনাইছে বিৰোধী দল কংগ্ৰেছেও।

কলিয়াবৰৰ নলতলিত কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং (ক) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। বেংগলী ফেডাৰেচনৰ উদ্যোগত একাংশ বঙালী সম্প্ৰদায়ৰ লোকে প্ৰতিবাদ সাব্যস্তৰে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে।

বৰাক উপত্যকাৰ প্ৰান্তে প্ৰান্তে কিছু পৰিমাণে বন্ধ হোৱা পৰিলক্ষিত হৈছে যদিও ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিলক্ষিত হোৱা নাই বন্ধৰ প্ৰভাৱ। ইয়াৰ মাজতে তিনিচুকীয়া, মৰাণ আদি প্ৰান্তত উঠাই লোৱা হৈছে অসম বন্ধ। তেজপুৰতো পৰা নাই সদৌ অসম বাঙালী ফেডাৰেচনকে ধৰি শতাধিক বাঙালী সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ।

ধলাৰ নৰসংহাৰৰ প্ৰতিবাদত আজি সদৌ অসম বাঙালী ফেডাৰেচনকে ধৰি শতাধিক বাঙালী সংগঠনে আহ্বান জনাইছে অসম বন্ধৰ। পুৱাৰে পৰা দেখা গৈছে বন্ধৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। হোজাইত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। হোজাইৰ লংকা, লামডিঙত স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী কোমোৰাকটা টায়াৰ জ্বলাই পথ অৱৰোধ কৰি বন্ধ সমৰ্থকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিলে ৩০জনকৈ বন্ধ সৰ্মথকক। ঢেকিয়াজুলিৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ৷ পুৱাৰে পৰা বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

Comments
Loading...