ডিকমৰ চেণ্ট্ৰেল বেংকত কে চি চি ঋণৰ নামত ব্যাপক অনিয়ম

0 30
ডিজিটেল সংবাদ, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ ডিকমস্থিত চেণ্ট্ৰেল বেংক অব্‌ ইণ্ডিয়াৰ ডিকম শাখাত কে চি চি ঋণ দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ডিকম নাহৰতলি চাহ বাগিচাৰ কেইবাগৰাকী ব্যক্তিৰ নামত ভুৱা নথি-পত্ৰ তৈয়াৰ কৰি এটা দুষ্ট চক্ৰই ২০১৫ বৰ্ষত কে চি চি ঋণ বেংকটোৰ পৰা কেইবা লক্ষাধিক ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে৷
বেংকটোত এনে দালালৰাজ চলাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিকম উপ-শাখাই কঠোৰ ভাষাৰে গৰিহনা দিছে৷ কে চি চি ঋণৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত কৰিবলৈ দাবী জনাই আটছা ডিকম শাখাই যোৱা ১ নৱেম্বৰত চেণ্ট্ৰেল বেংক ইণ্ডিয়াৰ ডিকম শাখাৰ পৰিচালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
Comments
Loading...