মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ

0 29

ডিজিটেল সংবাদ, লাহোৱালঃ তিনিচুকীয়া জিলাৰ ধলা ছৈখোৱাঘাটস্থিত খেৰবাৰীত কালি নিশা প্ৰায় ৭.৩০ বজাত সহজ-সৰল জীৱন-যাপন কৰি খাটি খোৱা ৫ জনকৈ নিৰীহ ব্যক্তিক অজ্ঞাত আততায়ীয়ে অতি নিৰ্মমভাৱে তালিবানী পন্থাৰে গুলীয়াই যি হত্যাযজ্ঞ সূচনা কৰিলে তেনে অমানৱীয় তথা দানৱীয় নিষ্ঠুৰ ঘৃণনীয় কাণ্ডক সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে কঠোৰ ভাষাৰে গৰিহণা দিছে। সংবাদ-মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰণী গোহাঁয়ে উক্ত ঘটনাত জড়িত অাততায়ীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

তদুপৰি আইন-শৃংখলা অটুট ৰখাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা অসম চৰকাৰক এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি প্ৰৰোচনামূলক মন্তব্যৰে সমাজত বিষ-বাষ্প বিয়পাই ৰাজনৈতিক মুনাফা আদায় কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলৰ সংশ্লিষ্ট মন্ত্ৰী তথা বিধায়কে যি সস্তীয়া ৰাজনীতি কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে, তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। অসমত যাতে ভাতৃঘাতী সংঘৰ্ষৰ পুনৰাবৃতি নহয় আৰু তৃতীয় অপশক্তিয়ে যাতে গা কৰি উঠিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীক কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ দাবী জনোৱাৰ লগতে অসমৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

আনহাতে উক্ত ঘটনাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰনৱ শইকীয়াই কয় যে, এই হত্যাকাণ্ডৰ আলম লৈ কোনো শক্তিয়ে যাতে সাতামপুৰুষীয়া ঐক্য সংহতিত আঘাত হানিব নোৱাৰে লগতে কোনো সাম্প্ৰদায়ীক শক্তিয়ে জাতিগত বিভেদ আনিব নোৱাৰে তাৰ বাবে সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। তদুপৰি নৈতিক দায়িত্ব স্বীকাৰ কৰি মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে। নিৰিহ লোকক হত্যা কৰি জাতি ৰক্ষা কৰিব পৰা নেযাই, যি দুস্কিতিকাৰিয়ে উক্ত ঘটনা সংঘটিত কৰিছে অহা ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন লগতে নিহত পৰিয়ালবৰ্গলৈ ৩০ লাখকৈ ক্ষতিপুৰণ দিয়াৰ দাবী তুলিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে।

Comments
Loading...