ধলাত পাঁচজনক গুলিয়াই হত্যাঃ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

0 23

ডিজিটেল সংবাদ, লাহোৱালঃ কালি তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত খেৰবাৰী বিচনী মুখ গাঁৱত নিশা প্ৰায় ৮ বজাত অচিনাক্ত আততায়ীয়ে  পাচজনকৈ নিৰীহ লোকক গুলিয়াই হত্যা কৰে। তিনিখন মটৰ চাইকেলত অহা ছজনীয়া এটা অস্ত্ৰধাৰী দলে গুলীয়াই হত্যা কৰা লোককেইজনক শ্যামলাল বিশ্বাস (৬০),সুৱল দাস (৬০) ,অনন্ত বিশ্বাস (১৮),অবিনাশ বিশ্বাস( ২৩),আৰু ধনঞ্জয় নম:শূদ্ৰ (২৩ )বুলি চিনাক্ত কৰা হৈছে। নিহত হোৱা ব্যক্তি কেইজনৰ  ঘৰ খেৰবাৰীতেই।জানিব পৰা মতে এই ঘটনাত সৌভাগ্যক্ৰমে সটু নম:শূদ্ৰ (১৯)নামৰ এজন যুৱকৰ প্ৰাণ ৰক্ষা পৰে।নিশ্চিত হোৱা নাই যদিও উক্ত ঘটনাত আলফা (স্বাধীন) জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।নিহত শ্ৰামলাল বিশ্বাস, আনন্দ বিশ্বাস আৰু অবিনাশ বিশ্বাস একেটা পৰিয়ালৰ। আমালৈ বৃবিতিত জনোৱা মতে তেওঁ লোকে শ্যামলাল বিশ্বাসৰ দোকানৰ সন্মুখত  তেওঁলোক সমবেত হৈ আছিল।আৰু কেইজনমানে মবাইলত লুডু খেলি আছিল ।

প্ৰায় ৭-৪৫ বজাত তিনিখন মটৰ চাইকেলত ছজন লোক আহি সেই স্হানত ৰয়হি ।তেওঁলোকে সামৰিক পোছাক পৰিধান কৰি আহিছিল ।তাৰে দুজনমানে কিবা সুধিব লগা আছে বুলি তেওকে ধৰি আটাইকেইজনক অলপ আতৰলৈ মাতি নিয়ে।তাৰ পিছত কাষত থকা নদীৰ পাৰৰ বালিলৈ নি তেওঁলোকক গুলীবৰ্ষণ কৰে সৌভাগ্য ক্ৰমে সটূৰ গাত গুলী লগা নাছিল ।গুলীবৰ্ষণ ধোঁৱাৰ মাজতে তেওঁ কাষৰ খাৱৈত চুচৰি পৰে।আৰু আধাঘন্টামানৰ পিছত তাৰপৰা উঠি আহে। পিছত তেওঁ স্হানীয় ৰাইজ তথা সাংবাদিক সকলক উক্ত ঘটনাটো বিৱৰণি দিয়ে।তিনিচুকীয়া আৰু শদিয়াৰ আৰক্ষী অধীক্ষকদ্বয়ৰ নেতৃত্বত আৰক্ষীৰ দলৰ লগতে সৈন্য বাহিনীৰ এটা বিশাল দলে নিশা অঞ্চলটোত অভিযান আৰম্ভ কৰিছে।এই ঘটনাৰ পিছতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে পৰিস্থিতিৰ পয্যালোচনা কৰে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। তেওঁ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‌ইকীয়া আৰু অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা) মূকেশ আগৰৱালাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈক ঘটনাস্হলীলৈ যোৱাৰ নিৰ্দেশ দিছে।

তেওঁ এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু  অপৰাধীক কঠোৰ হাতেৰে দমন কৰা হব বুলি ঘোষণা কৰিছে।এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ সকলো জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সৰ্তক হৈ থাকিবলৈ নিৰ্দেশ দিছে বুলি এটা চৰকাৰী বিবৃতিযোগে কোৱা হৈছে।অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই কয় যে ঘটনাৰ ধৰণলৈ চাই এয়া উগ্ৰপন্থীৰ কাম বুলি নিশ্চিত হ’ব পাৰি আৰু আলফা(স্বা)কে সন্দেহ কৰা হৈছে।অনতিপলমে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শ‌ইকীয়া লগতে আৰু অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালা ধলালৈ যাব ।

কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ

তিনিচুকীয়া জিলাৰ ধলাৰ গণহত্যাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক ঘৃণনীয় বুলি অভিহিত কৰিছে।তেওঁ টুইটাৰ যোগে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী জনে প্ৰকাশ কৰিছে যে উক্ত ঘটনা সন্দৰ্ভত তেওঁ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে বাৰ্তালাপ কৰিছে আৰু এই জঘন্য কাণ্ডত জড়িত থকাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

Comments
Loading...