ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকন্ঠক স্মৰণ

0 94

ডিজিটেল ডেস্কঃ আজি সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক মৃত্যু দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰিলে অসম ৰত্ন ড০ ভূপেন হাজৰিকাক। বিশেষকৈ আজি ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠান-প্ৰতিষ্ঠানে উদযাপন কৰে সুধাকন্ঠৰ সপ্তম বাৰ্ষিকী স্মৃতি দিৱস।

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সভাপতি মনজিৎ বৰাই। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক গৌতম গগৈয়ে পুস্পাঞ্জলী অৰ্পন কৰাৰ লগতে জ্যেষ্ঠ সাংবাদিক ভূষণ জ্যোতি সন্দিকৈ, সঞ্জীৱ নন্দী, লেখক, সাংবাদিক যাদব গগৈ, মুক্তামনি হাজৰিকা, প্ৰদীপ গগৈ, সন্তোষ যাদৱ আদিয়ে মাল্যাৰ্পন কৰে। আনহাতে উক্ত অনুষ্ঠানতে পথ দূৰ্ঘটনাত আহত হোৱা ফটো সাংবাদিক জাবেদ হুছেইনক সাংবাদিক কল্যাণ সমিতিৰ তৰফৰ পৰা এককালীন সাহাৰ্য্য প্ৰদান কৰা হয়। সাহাৰ্য্য প্ৰদান কৰে সাংবাদিক কল্যাণ সমিতিৰ সভাপতি সঞ্জীৱ নন্দী আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই।

কল্প জ্যোতি দাসৰ ডিজিটেল সংবাদঃ আজি ড০ ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক মৃত্যু তিথিত সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম কৈবৰ্ত ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন, সন্মিলিত খিলঞ্জীয়া পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত চাবুৱাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সদৌ অসম কৈৱৰ্ত্ত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মৃদুপন দাস উপস্থিত থাকে। নিজৰ ভাষণ প্ৰসংগত দাসে কয় যে, আমি আমাৰ অসমীয়া জাতিৰ গৌৰৱ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা দেৱক আমাৰ মাজত চিৰদিন এনেদৰে জীয়াই ৰাখিব লাগিব। তেখেতৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়।

ডিজিটেল সংবাদ, জেৰাই, লাহোৱাল আৰু ডিকমঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে ডিকম ৰেলৱে ষ্টেচনৰ সমীপত আজি আয়োজন কৰা হৈছে। মৃত্যু তিথি উপলক্ষে বিয়লি ৫বজাত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী আৰম্ভ কৰে। উক্ত অনুষ্ঠানটো আঁত ধৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি লীলাৰাম কলিকতাই। বন্তি প্ৰজ্বলন কৰে দৈনিক জনমভূমিৰ সংবাদ দাতা ধৰণী গগৈয়ে‌। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ মাল্যাপণ কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সদস্য সচীৱ প্ৰধান ধ্ৰুৱজ্যোতি গগৈয়ে। উক্ত অনুষ্ঠানত উপষ্টিত আছিল ডিকমৰ স্হানীয় বুদ্ধিজীৱী, সমাজ সেৱক সকল আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলাৰ সভাপতি ভৱেন সোনোৱালৰ লগতে ,নামৰূপ আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল,চাবুৱা আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকল তথা চাবুৱা লাইভৰ সংবাদ দাতা ক্ৰমে দিবাকৰ দত্ত, বাণীকান্ত গোহাঁইকে ধৰি বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে।উক্ত অনুষ্টানত আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ৩০০ গছি বন্তি প্ৰজ্বলন কৰে।

Comments
Loading...