আলফা (স্বা)ৰ মেইলঃ পৰেশ বৰুৱাৰ মৃত্যুৰ সন্দৰ্ভত কি বাৰ্তা দিলে ৰমেন অসমে?

0 158

ডিজিটেল ডেস্কঃ আলফা (স্বাধীন) অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত। দুৰ্ঘটনাত পতিত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ। এই বাতৰিক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আলফা স্বাধীনৰ সূত্ৰ মতে, এয়া ভাৰতীয় চোৰাংচোৱাৰ অপপ্ৰচাৰ। সকলো ঠিকেই আছে বুলি দাবী আলফা স্বাধীনৰ সূত্ৰৰ। একাংশ সংবাদ মাধ্যমৰ মতে, চীন-ম্যানমাৰ সীমান্তত হৈছিল পথ দুৰ্ঘটনা। দুৰ্ঘটনাত আহত হৈ পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি দাবী। ইফালে, এই বাতৰিক বিশ্বাস নকৰো বুলি মন্তব্য কৰিছে আলফা নেতা অনুপ চেতিয়াই। যোৱা সপ্তাহত পৰেশ বৰুৱাই ফোন কৰিছিল চেতিয়াক। এনে বাতৰি মাজে-সময়ে প্ৰকাশ পাই থাকে বুলিও ক’লে চেতিয়াই।

তিনিমাহ পূৰ্বে মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈছিল পৰেশ বৰুৱা। দুডাল কামিহাড় আৰু সোঁ-ভৰিৰ বুঢ়া আঙুলি ভাঙিছিল বৰুৱাৰ। দুৰ্ঘটনাৰ পিছতে কেইবাবাৰো ফোন কৰিছিল পৰেশ বৰুৱাই। সুস্থ হৈ উঠা বুলিও ফোনত মোক জনাইছিল বৰুৱাই। ধলা কাণ্ডৰ পিছতো ফোন কৰিছিল মোক। পৰেশ বৰুৱাৰ মৃত্যু হোৱা বুলি ওলোৱা খবৰ অপপ্ৰচাৰ হ’ব পাৰে। এই খবৰ বিশ্বাস কৰিবলৈ টান পাইছো। সংবাদ-মাধ্যমৰ আগত এই মন্তব্য আলফা নেতা অনুপ চেতিয়াৰ।

২-৩ মাহৰ আগত পৰেশ বৰুৱা দুৰ্ঘটনাত পতিত হোৱাৰ তথ্য আছে। তাৰ পিছতে তেওঁ সুস্থ হোৱা বুলিও খবৰ পাইছিলো। পৰিয়াল বা চোৰাংচোৱা সংস্থাৰ ওচৰতো পৰেশ বৰুৱাৰ মৃত্যুৰ কোনো নিশ্চিত তথ্য নাই। সংবাদ-মাধ্যমক এই কথা জনালে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যই। ধলা কাণ্ড আলফা(স্বাঃ)ই সংঘটিত কৰিছে। আলফা(স্বাঃ)ই অস্বীকাৰ কৰিছে যদিও সন্দেহ আছে বুলিও মন্তব্য পল্লৱ ভট্টাচাৰ্যৰ।

ইপিনে আলফা (স্বা) অসমে সংবাদ-মাধ্যমলৈ প্ৰেৰণ কৰিছে প্ৰেছ বিবৃতি। নিৰাপদে আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। কোনো ধৰণৰ দুৰ্ঘটনাত পতিত হোৱা নাই বৰুৱা। এই কথা বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে। এনেধৰণৰ ভিত্তিহীন বাতৰিত বিশ্বাস নকৰিবলৈ অসমবাসীক আহ্বান আলফা স্বাধীনৰ। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি প্ৰকাশ একাংশ সংবাদ মাধ্যমত।

Comments
Loading...