ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী সোণোৱালঃ অসমত সন্দেহজনক লোকৰ দপদপনি

0 144

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিগত সময়ত একাংশ সন্দেহজনক ভাষীক সংখ্যালঘু নেতাই কৰি অহা উগ্ৰ মন্তব্যৰ বাবেই অসমত শেহতীয়া পৰিবেশৰ সৃষ্টি হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰী আৰু সম্পাদক সুৰজ খানে৷ এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিগত সময়ত একাংশ সন্দেহজনক ভাষীক সংখ্যালঘু নেতাই কৰি অহা উগ্ৰ মন্তব্যৰ বিৰুদ্ধে একাংশ থলুৱা নেতাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহা বুলি কৈ অসমৰ শেহতীয়া পৰিস্থিতিৰ খবৰ ৰখা লোকসকলে ভালকৈ এই কথা বুজি উঠিছে বুলি কয়৷ বিশেষকৈ শাসকীয় দলৰ মন্ত্ৰী, বিধায়ক, একাংশ বঙালী নেতাই বলিয়াৰ দৰে আচৰণ কৰিবলৈ ধৰাৰ ফলতেই অসমত এক সাম্প্ৰদায়িক সংহতি বিনষ্ট হ’ব পৰা পৰিস্থিতি উদ্ভৱ হোৱা দেখা গৈছে বুলি কয় সংগঠনটোৱে৷

সংগঠনটোৱে কয় যে ভাষীক সংখ্যালঘু নেতাই অবৈধ বঙালী লোকক সংস্থাপন দিব বুলি বিজেপি চৰকাৰৰ পৰা আশা কৰিছিল যদিও আশাত চেঁচা পানী পৰাত অসমত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ উঠিপৰি লগা দেখা গৈছে৷ যাৰ ফলতেই কিছুমান উগ্ৰ-সাম্প্ৰদায়িক কথা কবলৈ আৰম্ভ কৰে একাংশ নেতাই৷ ইমানে নহয় গুৱাহাটীত সমাবেশ অনুষ্ঠিত কৰিবলৈ যোজা চলালে ভাষীক সংখ্যালঘু সংগঠনে৷ সমাবেশ অনুষ্ঠিত কৰিছে চৰকাৰক এনআৰচিৰ পৰা বাদ পৰা লোকৰ নাম সন্নিবিষ্ট কৰাৰ দাবী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মত প্ৰকাশ কৰিব বিচাৰিছিল৷ ৰাজ্যখনৰ সৰ্বপ্ৰকাৰৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকোতেই বিধেয়কৰ সপক্ষে দাবী উত্থাপন হ’বলৈ ধৰাত অসমৰ ৰাইজ পুনঃ জাগ্ৰত হ’ল৷ অসমৰ ৰাইজে সমাবেশ অনুষ্ঠিত কৰিব বিচৰা সংগঠনৰ বিৰুদ্ধে একত্ৰিত হৈছে সেই কথা সকলোৱে জানে৷ তাৰ সমান্তৰালকৈ ভাষীক সংখ্যালঘু নেতাই চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ গৈ যিবোৰ কথা কলে সেইবোৰ কথাক সহ্য কৰিব নোৱাৰাৰ বাবেই জাতীয়-জনগোষ্ঠীয় নেতাই উত্তৰ দিবলৈ আৰম্ভ কৰিলে৷ এনে সময়তে ভাষীক সংখ্যালঘু নেতাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আলোচনাপন্থী আলফা নেতাই কিছু অসাংবিধানিক কথা কোৱা আমি প্ৰত্যক্ষ কৰিছো৷

কিন্তু ১৯৮৩ নহয়, এতিয়া ২০১৮ চন বুলি কৈ ইতিহাস সলনি কৰাৰ ভাবুকি কোনে দিলে সেয়া জলজল পটপট হৈ আছে৷ অসমীয়াক ঘৰে ঘৰে গৈ মাৰিম বুলি কোৱাও দেখা গ’ল৷ অৱশেষত একাংশ লোকে ভবাৰ দৰেই অসমত এক অশান্তিৰ পৰিবেশে বিৰাজ কৰিলে৷ ০১ নৱেম্বৰৰ সন্ধিয়া মাৰণাস্ত্ৰৰে সুসজ্জিত এটা দলে তিনিচুকীয়াৰ ধলাত ৫ জনকৈ লোকক নিচেই ওচৰৰ পৰা গুলিয়াই হত্যা কৰিলে৷ তাৰ লগে লগে উচটনিমূলক মন্তব্য কৰা সকলৰ বিৰুদ্ধে চৰকাৰে তদন্ত আৰম্ভ কৰিলে৷ কিন্তু জাতীয় নায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পক্ষপাতমূলক আচৰণ কৰি আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক গ্ৰেপ্তাৰ কৰি জেলত ভৰালে৷ কিন্তু সুজিত চৰকাৰ, যোৱা দুটা বছৰ ধৰি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি অহা বিধায়ক শিলাদিত্য দেৱ, প্ৰদীপ দত্ত ৰায়, শ্যামল বিশ্বাসহতৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰ ভিজা মেকুৰি হৈ পৰিল৷ সুজিত চৰকাৰ, শিলাদিত্য দেৱ, প্ৰদীপ দত্ত ৰায়, শ্যামল বিশ্বাসক গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব নোৱাৰিলে সোণোৱালে৷ প্ৰয়োজনত ইতিহাস সলনি কৰি দিয়াৰ ভাবুকি দিয়া নেতাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একোডাল কৰিব নোৱাৰিলে বুলি মুখ্যমন্ত্ৰীক উভতি ধৰে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মহানগৰ জিলা সমিতিয়ে৷

জিলা সমিতিয়ে ক্ষোভ ব্যক্ত কৰি আৰু কয় যে ইয়াকে কয় ভোটৰ স্বাৰ্থত কৰা পক্ষপাতমূলক আচৰণ৷ খেনক দেখি ৰন্ধা বঢ়া খেনক দেখি দুৱাৰ মৰা প্ৰথা আৰম্ভ কৰিলে বৰ্তমানৰ অসম চৰকাৰ খনে৷ বঙালী ভোটৰ স্বাৰ্থত খিলঞ্জীয়া লোকক শত্ৰু বুলি গণ্য কৰিবলৈ ধৰিছে ৰাজ্যৰ চৰকাৰ খনে৷ ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰিছে চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ যোৱা কেইবাটাও মাহ ধৰি একাংশ পাবত গজা বঙালী নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে আৰু বাংলাদেশৰ পৰা হিন্দু শৰণাৰ্থীক আনি সংস্থাপনৰ পক্ষত মন্তব্য প্ৰকাশ কৰিবলৈ গৈ অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি থকা অসমৰ ৰাইজে পৰিলক্ষিত হৈছে৷ এই ষড়যন্ত্ৰমূলক মন্তব্যৰ প্ৰত্যুত্তৰ দিছিল কেইবাগৰাকী খিলঞ্জীয়াই৷

অসমৰ অসমীয়াই যি বৃত্তিতে জৰিত নাথাকক কিয় জাতিৰ সংকটকালত মাত দি জাতিৰ ওচৰত থিয় দিবই৷ কিন্তু তেনে কৰিবলৈ যাওতে একালৰ ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালে খিলঞ্জীয়াৰ হৈ মাত দিয়া আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক জেলত ভৰাই থলে৷ এয়া কোন দেশৰ আইন সেই কথা আমি জানিব বিচাৰিছো বুলি কয়৷ খিলঞ্জীয়াৰ মুখ বন্ধ কৰি অসমত সন্দেহজনক লোকৰ দপদপনি বৃদ্ধি কৰিবলৈ সৰ্বানন্দ সোণোৱালে চেষ্টা কৰিছে বুলি কৈ সংগঠনটোৱে আলফা নেতা মৃণাল হাজৰিকা আৰু জীতেন দত্তক শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে হোজাই জিলাৰ লংকাৰ ৰুলী হাজৰিকা নামৰ সাহসী থলুৱা গাভৰুগৰাকীক নিৰাপত্তা দিবলৈ চৰকাৰক দাবী জনাই৷

Comments
Loading...