তিনিচুকীয়াত আজি অনুষ্ঠিত নহল গুণোত্সৱ

0 16

বিজুত বৰুৱা, পানীতোলাঃ তিনিচুকীয়া জিলাৰ পানীতোলাৰ কেইবাখনো বিদ্যালয়ত আজি অনুষ্ঠিত নহল গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ তিনিচুকীয়া জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে পানীতোলাৰ পানীতোলা ন-গাওঁ প্ৰাথমিক বিদ্যালয়, পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়কে আদি কৰি কেইবাখনো বিদ্যলয়ত বন্ধৰ ফলত আজি গুণোৎসৱ অনুষ্ঠিত কৰিব নোৱাৰিলে। অৰ্থাৎ যি কেইখন বিদ্যালয়ত আজি নিৰীক্ষক অহাৰ কথা আছিল, বন্ধৰ ফলত যান-বাহন চলাচল নোহোৱাৰ বাবে কেওখন বিদ্যালয়ত অনুষ্ঠিত নহল গুণোত্সৱ।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ ধলাৰ খেৰনিবাৰীত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই ৫ জনকৈ নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি ১২ ঘণ্টীয়া তিনিচুকীয়া জিলা বন্ধ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহে আজিৰ গুণোত্সৱ বাতিল হোৱা বুলি জানিব পৰা গৈছে। আনহাতে এই বিদ্যালয়সমূহত শিক্ষা বিভাগে পূনৰ তাৰিখ নিদ্ধাৰণ কৰি নিৰীক্ষক সকলৰ জড়িয়তে গুণোৎসৱ অনুষ্ঠিত কৰিব বুলি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলে জানিবলৈ দিছে।

Comments
Loading...