বিশ্বৰ সৰ্ববৃহৎ উৰাজাহাজ নিৰ্মান কোম্পানীৰ এয়াৰবাছৰ অভিযন্তা পলাশ ভূঞাৰ সফলতা

0 90

ডিজিটেল সংবাদ, ডিব্রুগড়, লাহোৱালঃ বৰ্তমান সমগ্ৰ দেশৰ লগতে বিশ্বতে অসমীয়া প্ৰতিভাবান যুৱক যুৱতী তথা অসমীয়াই নিজ নিজ ক্ষেত্ৰত নিজা অধব্যৱসায় আৰু প্ৰচেষ্টাৰ ফলত সফলতা অৰ্জন কৰি অসম তথা জাতিটোক গৌৰাম্বিত কৰায় নহয় সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হোৱা কথা পুনৰাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই।ৰীমা, সীমা,হৃদয় কে প্ৰমুখ্যে কৰি অসমৰ সু -সন্তান সকলে নিজ নিজ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ লগতে বিৰল কৃতিত্ব অধিকাৰী হয় অসমক অন্য এক পৰিচয় প্ৰদান কৰাৰ সময়তে ডিব্ৰুগড় জিলা কুমাৰণিছিগাৰ সু-সন্তান পলাশ ভূঞাই International Graduate Programeৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় আন্তঃৰাষ্ট্ৰীয় যোগ্য নেতা কৰ্মী (International Ability Leader Worker)হিচাপে উত্তীন হয় সমগ্ৰ ৰাজ্যখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বিশ্বৰ সৰ্ববৃহত উৰাজাহাজ নিৰ্মাণ কোম্পানী “AIRBUS”ৰ মুখ্য কাৰ্যালয়, Toulouseত Cabin Support Engineer ৰূপে কৰ্মৰত পলাশ ভূঞাই AIRBUSয়ে অনুষ্ঠিত কৰা ২০১৮ চনৰ আন্ত:ৰাষ্ট্ৰীয় নেতা কৰ্মী বাছনি পৰীক্ষাত বিশ্বৰ বিভিন্ন দেশৰ ২১ গৰাকী নিৰ্বাচিত কৰ্মীৰ ভিতৰত নিৰ্বাচিত হয় স্হান দখল কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । প্ৰতি দুবছৰৰ অন্তৰালত বিশ্বৰ সৰ্ববৃহৎ উৰাজাহাজ নিৰ্মাণ কোম্পানীটোৱে অনুস্ঠিত কৰা “International Graduate Programme” শীৰ্ষক এই বাছনি পৰীক্ষাত এইবাৰ বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ১৬০০ শ গৰাকী যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰা অত্যন্ত প্ৰতিযোগিতা মূলক পৰীক্ষাত পলাশ ভূঞাই নিজা মেধাৰ বলত উত্তীণ হয়। পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা অত্যন্ত কঠিন আৰু প্ৰতিযোগিতা মূলক পৰীক্ষাৰ মূল্যাঙ্কনৰ অন্তত ষোল্লশ গৰাকী প্ৰতিযোগী ভিতৰৰ পৰা মাত্ৰ ২১ গৰাকী প্ৰাৰ্থীক আন্ত:ৰাষ্ট্ৰীয়ভাৱে যোগ্য নেতা কৰ্মী ৰূপে নিৰ্বাচিত কৰে। কেইবামাহযোৰা পৰ্যায়ক্ৰমে অনুষ্ঠিত হোৱা এই মূল্যাঙ্কন আৰু বাচনি প্ৰক্ৰিয়াটোত Numerical Reasoning Test, Verbal Reasoning Test, Situational Judgement, Group Exercise, Presentation , Case s Study , Personal Interview কে ধৰি বহু কেইটা বিষয়ৰ ওপৰত পৰীক্ষা দিবলগীয়া হৈছিল আৰু তাৰ ফলাফলৰ ওপৰত ভিত্তি কৰিয়ে একৈশ গৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰা হয়। অন্তিম তথা পঞ্চম পৰ্যায়ত বিভাগীয় সাক্ষ্যাৎকাৰ অৰ্থাৎ শৈক্ষিক যোগ্যতা অনুসৰি তেঁও লাভ কৰা সম্ভাব্য বিভাগেও সাক্ষাৎকাৰত অৱৰ্তীন হোৱাৰ পাছতহে প্ৰাৰ্থীজনক নিৰ্বাচন কৰে। অত্যন্ত কঠিন আৰু প্ৰতিযোগিতামূলক এই আটাইবোৰ পৰীক্ষাত পলাশ ভূঞাই সুকলমে অতিক্ৰম কৰাত তেঁওক আন্ত:ৰাষ্ট্ৰীয়ভাৱে নেতৃত্ব দিব পৰাৰ যোগ্যতা অৰ্জন কৰি চাৰিখন দেশ -ক্ৰমে জাৰ্মানী,স্পেইন,ইউনেটেড কিংডম আৰু ফ্ৰান্স ত থকা AIRBUS ৰ বিভিন্ন বিভাগৰ উচ্চ পদস্হ কৰ্মীৰ লগত কাম কৰিবলৈ সুবিধা লাভ কৰিব।উল্লেখযোগ্য যে এই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী মেধাসম্পন্নই নিজৰ ইচ্ছানুসৰি ভৱিষ্যতে অন্য কাৰিকৰী ( engineering ৰ) বিভাগতো কাম কৰাৰ বাবে সুবিধা লাভ কৰিব। পলাশ ভূঞাই ইতিমধ্যে AIRTAC ( Airbus Tecnical Aircraft On Ground Center )ত কাম কৰাৰ সুবিধা লাভ কৰিছে।

ডিব্ৰুগড় চল্টব্ৰুক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰা পলাশে মহাৰাষ্ট্ৰৰ পান্সগনিৰ New Era High School ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, Amity International Universityr পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীণ হয় Scotland ৰ High land and Island University ৰ পৰা Aircraft Engineering ৰ স্নাতক ডিগ্ৰী লাভ কৰে । France ৰ “ENAC” বিশ্ব বিদ্যালয়ৰ পৰা ” International Air Transport Operation Management”ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিগত দুবছৰ ধৰি পলাশে বিশ্বৰ সৰ্ববৃহৎ উৰাজাহাজ নিৰ্মাণ কোম্পানী Airbus Companyত অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে।

বিশ্ব দৰবাৰত অসমৰ সু-সন্তান হিচাপে নিজকে পৰিচয় দি অসমী আই বুকু গৌৰৱেৰে মহীয়ান কৰিবলৈ সক্ষম হোৱা পলাশ ভূঞা ডিব্ৰগড়ৰ – কুমাৰণীছিগাৰ নিবাসী তথা মৰিগাঁও জিলাৰ খাদ্য সুৰক্ষা বিষয়া বিপুল কুমাৰ ভূঞা আৰু মৰান মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহযোগী তথা মুৰব্বী অধ্যাপিকা আল্পনা গগৈ ভূঞাৰ জেষ্ঠ পুত্র।উল্লেখযোগ্য যে ভূঞাৰ দম্পতীৰ তিনি সন্তানৰ মাজু আকাশ ভূঞাই মোবাইস্থিত ফেডাৰেল বেংকৰ Treasury Head Officr Merchant Dealerৰ দৰে গুৰুত্বপূৰ্ণ পদত বিষয়া হিচাপে সেৱা আগবঢ়াই থকাৰ বিপৰীতে কনিষ্ঠ পুত্ৰ প্লাৱন ভূঞাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইন শিক্ষা কেন্দ্ৰৰ সপ্তম ষাণ্মাসিকৰ ছাত্র হিচাপে অধ্যয়ন কৰি আছে আৰু অঞ্চলটোত আদৰ্শ পিতৃ-মাতৃ হিচাপে চিহ্নিত হৈছে।সৰুৰে পৰা বিশ্বৰ সৰ্ববৃহৎ উৰাজাহাজ নিৰ্মান কোম্পানীটোত অভিযন্তা হিচাপে যোগদান কৰাৰ সপোন দেখা পলাশ ভূঞাই কঠোৰ পৰিশ্ৰম,অধব্যৱসায় আৰু আত্মবিশ্বাসৰ ফলতে আজি বিশ্বৰ আগশাৰীৰ কোম্পানীটোৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি লাভ কৰাৰ লগতে বিশ্বক নেতৃত্ব দিব পৰা পদ লাভ কৰিবলৈ সক্ষম হৈছে বুলি ভূঞা দম্পতিয়ে মনৰ ভাব প্ৰকাশ কৰে।পলাশ ভূঞাই যাতে নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা লাভ কৰি অসমী আইক আৰু অধিক গৌৰাম্বিত কৰি তুলিব পাৰে তাকে আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

Comments
Loading...