অান্তঃৰাজ্যিক পাৰপত্র প্ৰৱৰ্তনৰ দাবীত যুৱ-ছাত্র পৰিষদৰ জোঁৰ সমদল

0 81

ডিজিটেল সংবাদ, লাহোৱালঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিকমতো অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিকম অাঞ্চলিক সমিতিয়ে ডিকম নগৰত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিকম অাঞ্চলিক সমিতিৰ সভাপতি ত্রিপুল গোহাঁই অাৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দ্বীপজ্যোতি গোহাঁইৰ নেতৃত্বত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমত অান্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্ৰৱৰ্ত্তন, বহিৰাগত প্ৰৱজন ৰোধ, অসমৰ ভূমি বহিৰাগত লোকে কিনা-বেচা যাতে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ অাৰ্থসামাজিক, কলা-কৃষ্টি তথা খিলঞ্জীয়া অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত বৰ্তমান অান্তঃৰাজ্যিক পাৰপত্র ব্যৱস্থা প্ৰৱৰ্ত্তনৰ দাবী উত্থাপন কৰিছে।

Comments
Loading...