ৰাষ্ট্ৰীয় কাৰাটেত ডিব্ৰুগড় জিলাৰ সাফল্য

0 91

ডিজিটেল সংবাদ, লাহোৱালঃ তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ২৬ অক্টোবৰৰ পৰা গুৱাহাটীৰ সৰুসজাই নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা তৃতীয় বাৰ্ষিক মিৱা কাপ টেনচিন কান ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড় জিলাৰ জি টকুকাই কাৰাটে খেলুৱৈসকলে ৮ টা সোনৰ, ১২ টা ৰূপৰ আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভ কৰে বুলি জি-টকুকাই অসমৰ মূখ্য প্ৰশিক্ষক নিৰেণ ফুকনে এক প্ৰেছ বিবৃতিত জানিবলৈ দিয়ে।

প্ৰতিযোগিতাত ল’ৰাৰ শাখাত বনদ্বীপ গোহাঁয়ে সোণ, বিশাল গগৈয়ে এটা সোণ, এটা ব্ৰঞ্জ, হিৰকজ্যোতি গগৈয়ে সোণ, বিশ্বজিৎ গগৈয়ে সোণ, বৰুণ কমল দিহিঙ্গীয়াই ৰূপ, অভিজ্ঞান সোনোৱালে ৰূপ, সমীৰণ দাসে ৰূপ, প্ৰিয়াঞ্চু দত্তই দুটা ব্ৰঞ্জ, সমীৰণ সেনাপতিয়ে ব্ৰঞ্জ, সীদ্ধাৰ্থ ৰয়ে ব্ৰঞ্জ, অৰ্নিৱান সোনোৱালে ব্ৰঞ্জ, কুঞ্জদ্বীপ চমুৱাই ব্ৰঞ্জ আৰু জিতু ভূঞাই দুটা ব্ৰঞ্জৰ পদক লাভ কৰে।

আনহাতে ছোৱালীৰ শাখাত প্ৰাৰ্থনা বৰুৱাই সোণ, হৰিপ্ৰিয়া দিহিঙ্গীয়াই এটা সোণ, এটা ব্ৰঞ্জ, ভানুপ্ৰিয়া ৰায়ে এটা সোণ, এটা ৰূপ, চাইনী সোনোৱালে এটা সোণ, এটা ব্ৰঞ্জ, নেহা চাহুয়ে ৰূপ, নিশিতা গগৈয়ে ৰূপ, জুৰি খাতুনে ৰূপ, কিম্পি বৰগোহাঁয়ে দুটা ৰূপ, দুলিকা সোনোৱালে ৰূপ, লীজা নাগে ব্ৰঞ্জ, নন্দিতা ঘোচে ব্ৰঞ্জ, ডনা বৰগোহাঁঁয়ে দুটা ব্ৰঞ্জ, সম্ৰাগ্নী মৰাঙে ব্ৰঞ্জ আৰু অভিশ্ৰুতি সেনাপতিয়ে এটা ব্ৰঞ্জৰ পদক লাভ কৰি ডিব্ৰুগড় জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখ্য যে, অসমৰ দলটোত মেনেজাৰ হিচাপে আছিল নিৰেন ফুকন আৰু বিশ্বজিৎ সোনোৱাল।

Comments
Loading...