কেনে আছে পৰেশ বৰুৱা?

0 243

ডিজিটেল ডেস্কঃ আলফা (স্বা) অসমৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি এটা ডিজিটেল ৱেব মেডিয়াত প্ৰকাশ হোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। লুক ইষ্ট নামৰ ৱেব পৰ্টেলটোত প্ৰকাশিত বাতৰিটোক কেন্দ্ৰ কৰি ভাইৰেল হৈ পৰিছিল চছিয়েল মিডিয়াতো। শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত এতিয়াও কোনোধৰণৰ তথ্য লাভ কৰা নাই ভাৰতীয় চোৰাংচোৱা সংস্থা কিম্বা অসম আৰক্ষীয়ে।

লাভ কৰা তথ্য অনুসৰি চাবুৱাৰ এজন বিশেষ ব্যক্তিলৈ পুৱাই আহিছিল এটা মেচেজ। অজ্ঞাত নম্বৰৰ পৰা অহা মেচেজটো প্ৰেৰণ কৰিছিল আলফা (স্বা) অসমৰ নেতা ৰমেন অসমে। মেচেজটোৰ জৰিয়তে পৰেশ বৰুৱা কুশলে থকাৰ কথা জানবলৈ দিছিল বিশেষ ব্যক্তিজনক। ইতিমধ্যে ব্যক্তিজনে এই সন্দৰ্ভত চাবুৱা আৰক্ষীক অৱগত কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত এন্ট্ৰী কৰা হৈছে জেনেৰেল ডায়েৰীত।

ইফালে পৰেশ বৰুৱাৰ পৰিয়ালেও পোৱা নাই এনেধৰণৰ কোনো বাৰ্তা। পৰেশ বৰুৱাৰ সৈতে যোগাযোগ নাথাকে পৰিয়ালটোৰ। এনে খবৰ পোৱা নাই তেওঁলোক। সংবাদ-মাধ্যমৰ জৰিয়তেহে লাভ কৰিছে এই খবৰ। ইতিমধ্যে আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ভাতৃ অনুপ চেতিয়াও এই সন্দৰ্ভত ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া। তিনিমাহৰ পূৰ্বে পথ দূৰ্ঘটনাত হোৱাৰ পিছত তিনিবাৰকৈ যোগাযোগ হৈছিল বৰুৱাৰ সৈতে। আনকি ধলা-শদিয়া ঘটনাৰ পিছত বৰুৱাৰ পৰা ফোন আহিছিল যদিও ব্যস্ততাৰ কাৰণত ৰিচিভ কৰিব নোৱাৰাৰ কথা প্ৰকাশ কৰিছে অনুপ চেতিয়াই। 

Comments
Loading...