আগতে বিজেপিয়েহে অগপৰ বোকোচাত উঠিছিলঃ কেশৱ মহন্ত

0 86

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে মিত্ৰজোঁট দলৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাক্-বিতণ্ডা। পঞ্চায়ত নিৰ্বাচনৰ বিজেপি আৰু অগপৰ মাজত মিত্ৰতাকৈ চলি আছে চৰ্চা। অগপই অকলেই নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিলেও কিছু কিছু ঠাইত আওপকীয়াকৈ মিত্ৰতা কৰাৰ ইংগিত প্ৰদান কিৰেছ দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। অৱশ্যে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ললে মন্ত্ৰী মহন্তই। সংবাদ-মাধ্যমৰ আগত মন্ত্ৰী কেশৱ মহন্তই বিজেপিৰ বোকোচাত অগপ উঠা নাই বুলি উল্লেখ কৰি আগতে বিজেপি আছিল নে অগপ, কাৰ বোকোচাত কোন উঠিছিল সেই কথা সকলোৱে জানে বুলিও মন্তব্য কৰে।

আনহাতে পঞ্চায়ত নিৰ্বাচনলৈ অগপ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰি সকলো ঠাইতে আঞ্চলিক দলটোৱে প্ৰাৰ্থী দিব বুলি সদৰি কৰে। একেদৰে অধিক পঞ্চায়ত দখলৰ চেষ্টা কৰিব অগপই। অচিৰেই জিলা আৰু সমষ্টিসমূহে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব। সমষ্টি কমিটিৰ প্ৰয়োজনবোধে মিত্ৰতা হ’ব পাৰে। আন দলৰ সৈতে সমষ্টি সাপেক্ষে বুজাবুজি হ’ব পাৰে বুলি মিত্ৰতাৰ প্ৰসংগ নুই নকৰিলে কাৰ্যকৰী সভাপতিজনে।

Comments
Loading...