নিতুমনি শইকীয়াৰ প্ৰশ্নঃ জাতিৰ সংকটৰ সময়ত অৰবিন্দ ৰাজখোৱা নিমাত কিয়?

সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় পঞ্চম বাৰ্ষিক অধিৱেশন সফল সামৰণি

0 265

ডিজিটেল সংবাদ, লাহোৱালঃ সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় পঞ্চম বাৰ্ষিক অধিৱেশনখন ডিব্ৰুগড় জিলাৰ চাউলখোৱাত যোৱা শনি অাৰু দেওবাৰে দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ চাউলখোৱাস্থিত চাহ জনজাতি সাংস্কৃতিক সংগ্ৰাহালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনৰ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ অাৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় পৰিষদৰ কেন্দ্ৰীয় বিষয় বাছনি সভা৷

সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চৌকট হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তুক কাৰ্যকালৰ বাবে দাদুল আলীক সভাপতি আৰু মোক্তাৰ আহমেদ চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে বিষয় বাছনি সভাৰ পিছতে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত শেহতীয়াকৈ ধলাৰ খেৰবাৰীত সংঘটিত হোৱা ৫ জনকৈ নিৰীহক গুলীয়াই হত্যা কৰাৰ ঘটনাক তীব্ৰ নিন্দা কৰি শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায়। প্ৰতিনিধি সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীক বহিস্কাৰ কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, জনসংখ্যাৰ ভিত্তিত সকলো মুছলমান সম্প্ৰদায়ৰ লোকসকলক চৰকাৰী-সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

উদযাপন সমিতিৰ সভাপতি মনিৰ উদ্দিন অাহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত অাদৰণি ভাষণ অাগবঢ়াই মুছলিম যুৱ পৰিষদৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোক্তাৰ অাহমেদ চৌধুৰীয়ে৷ সভাত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই সমন্বয়ৰ যাত্রা নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে৷ বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই স্মৃতি গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা ভাষণত কয় যে ধলাৰ খেৰবাৰীৰ সংঘটিত হোৱা ঘটনা, নাগৰিকত্ব সংশোধনী বিধেয়ক, শিলাদিত্যৰ দৰে লোকে অসমত অসমীয়া জাতিৰ মাজত সংঘাট সৃষ্টি কৰিব বিচৰা মন্তব্য প্ৰকাশ কৰাৰ লগতে জাতিৰ সংকটৰ সময়ত অালফাক নেতৃত্ব দিয়া অালফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ নিমাত কিয় বুলি প্ৰশ্ন উত্থাপন কৰে৷

শইকীয়াই মুছলমান সমাজৰ মাজত শৈক্ষিক, জনসংখ্যা ৰোধ আদিৰ ক্ষেত্রত গুৰুত্ব প্ৰদান কৰিবলৈ সংগঠনটোক অাহ্বান জনায়৷ উক্ত সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয় কুমাৰ গগৈ, সদৌ অসম ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি লিখন বৰুৱা, চাহ জনজাতি ছাত্র সন্থাৰ প্ৰচাৰ সম্পাদক লক্ষীন্দৰ কৰ্মী, প্ৰাক্তন মন্ত্রী পৃথিৱী মাঝী অাৰু অগপৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পুনাকণ বৰুৱা উপস্থিত থাকে৷

Comments
Loading...