অৱশেষত ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন

0 68

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নকৰাক লৈ চলি থকা বিতৰ্কৰ মাজতে আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি ৰাজ্যিক নিৰ্বাচন আয়োগে এক সংবাদমেলৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰে। 

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইন এন বৰাই সংবাদমেলত জানিবলৈ দিয়ামতে অহা ৫ আৰু ৯ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ ১৪ টা মহকুমাৰ লগতে ২৬ খন জিলাত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১২ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হব। অৱশ্যে ৫, ৯ নৱেম্বৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰি ১৫, ১৯ নৱেম্বৰত মনোনয়ন পত্ৰ দাখিল অন্তিম দিন, ১৬, ২০ নৱেম্বৰত মনোনয়ন পৰীক্ষা, ১৯, ২২ নৱেম্বৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 

উল্লেখ্য যে এই নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে এই সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হ’ব ১.৫৬ লাখ বিষয়া-কৰ্মচাৰী। ইপালে নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ঘোষণা কৰা হ’ব অহা ৯ নৱেম্বৰত। ৰাজহুৱা বন্ধৰ দিনৰ বাহিৰে মনোনয়ন পত্ৰ দ্বিতীয় শনিবাৰকে ধৰি দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ আটাইকেইটা কৰ্মদিনতে গ্ৰহণ কৰা হ’ব। নিৰ্বাচন প্ৰক্ৰিয়া দিনৰ ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব।

Comments
Loading...